![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ইছলাম ধৰ্মালম্বী লোকসকলৰ ত্যাগৰ উৎসৱ পৱিত্ৰ ঈদ- উজ – জোহা । এই উৎসৱ ইছলাম ধৰ্মীয় লোকসকলে উলমালহৰে পালন কৰে যদিও বৰ্তমানে ক’ৰোনা মহামাৰীৰ বাবে এই ঈদ উৎসৱ অনুস্থপিয়াকৈ পালন কৰা দেখা গৈছে ।
যিহেতু ঈদগাহ – মছজিদ সমূহত সমজুৱাকৈ ঈদৰ নামাজ পঢ়া নিষেধাজ্ঞা কৰা হৈছে । সেইহে পৱিত্ৰ ঈদৰ নামাজ ঘৰতে সম্পন্ন কৰি যোৰহাটৰ সাংবাদিক নেকিব আহমেদে পৰিয়াল সহ এই দৰে আজান পীৰ চাহেবৰ জিকিৰ গীত পৰিৱেশন কৰিলে । কিয়নো এই জিকিৰত আছে মাদুৰীসনা সুৰ আৰু আধ্যাত্মিক তত্ত্ব ।












