![]()
জিতেন বৰকটকী
নগাঁও : বিশিষ্ট সঙ্গীতজ্ঞ সুৰকাৰ,গীতিকাৰ যজ্ঞ বেজবৰুৱাৰ আজি পুৱতি নিশা দেহাৱসান ঘটে।মৃত্যুৰ সময়ত শিল্পী গৰাকীৰ বয়স হৈছিল ৮১ বছৰ।১৯৩৯ চনৰ পহিলা মাৰ্চত নগাঁও চহৰৰ নিকটবৰ্তী তেলিয়া পহুকটাৰ বেজৰচুকত জন্মগ্ৰহণ কৰা যজ্ঞ বেজবৰুৱা শিশু কালৰ পৰাই সঙ্গীতৰ লগত জড়িত হৈ পৰিছিল।
তেওঁ নগাঁৱৰ স্বৰগম গোষ্ঠী, নগাঁৱৰ নাট্য মন্দিৰৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত আছিল।২০০৬ চনত শিল্পী পেঞ্চন লাভ কৰা বেজবৰুৱা নৰ্থ ইষ্ট ফাউনন্ডেচন ফৰ কালচাৰেল এন্ড চচিঅ ইকনমিক ডেভলপমেন্ট নামৰ সামাজিক সংগঠনটোৰ উপদেষ্টা পদত আছিল।’সুৰৰত্ন’ হিচাপে পৰিচিত বেজবৰুৱা অসম সাহিত্য সভাৰ কলিয়াবৰৰ আৰু মৰিগাঁও অধিবেশনত বিশেষ ভাবে সম্বৰ্ধিত হোৱাৰ লগতে দূৰদৰ্শনকে ধৰি ৰাজ্যখনৰ পঞ্চাশৰো অধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ দ্বাৰা সম্বৰ্ধিত হৈছিল।এগৰাকী সঙ্গীত বলিয়া হৃদয়বান মানুহ ৰূপে তেওঁ সৰ্বত্ৰ পৰিচিত আছিল।
২০১৮ চনত বেজবৰুৱাই অসম চৰকাৰে প্ৰদান কৰা শিল্পী বঁটা লাভ কৰিছিল।আনহাতে অসম সাহিত্য সভাই যজ্ঞ বেজবৰুৱাৰ পঞ্চাশৰো অধিক গীত আৰু কবিতা থকা”গীত আৰু কবিতা” নামৰ এখন সংকলন প্ৰকাশ কৰিছিল।
সৰাফুল এপাহি,উদাসী ফাগুনে কলেহি গোপনে,ফুল ফুলি ফুলি আদি বহু গীতেৰে শ্ৰোতাক মোহাচ্ছন্ন কৰিবলৈ সক্ষম হোৱা এক অনন্য প্ৰতিভাৰ অধিকাৰী শিল্পী যজ্ঞ বেজবৰুৱাই লক্ষ্মীনাথ বেজবৰুৱা, নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, হীৰেন ভট্টাচাৰ্য, মলিন বৰাকে আদি কৰি অসমৰ প্ৰতিষ্ঠিত ভালেসংখ্যক গীতিকাৰৰ গীতত সুৰ আৰোপ কৰিছিল।
শিল্পী যজ্ঞ বেজবৰুৱাই ১৯৫১-৫২ চনৰ পৰাই সুশীল বেনাৰ্জী,হৰিমোহন গোস্বামী,পুৰুষোত্তম দাস,বীৰেন ফুকনৰ ওচৰত সংগীতৰ আদিপাঠৰ শিক্ষা গ্ৰহণ কৰিছিল ৷সত্তৰ দশকত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰাও তেওঁ সংগীত পৰিৱেশন কৰিছিল।
শকুন্তলা,ফিংগাৰপ্ৰিণ্ট,সেই বাটেদি,মগৰীবৰ আজান আদি কেইবাখনো নাটকত আৱহ সংগীতো পৰিৱেশন কৰিছিল এইগৰাকী বিশিষ্ট গীতিকাৰে। মধুৰ,মূৰ্ছনা,মিঠা-মিঠা জোনাক,পখিলা,অনন্য আৰু অমিয়া,মৌ,নীলিমা আদি শ্ৰব্য কেছেটতো আছিল তেওঁৰ উল্লেখযোগ্য কৃতিত্ব। অসম আন্দোলনৰ সময়ত গীত আৰু সংগীতেৰে ৰাইজৰ মাজত যজ্ঞ বেজবৰুৱাই জাগৰণ সৃষ্টিৰ প্ৰয়াস কৰিছিল।
বিশিষ্ট শিল্পী গৰাকীৰ মৃত্যুত সমগ্ৰ নগাঁৱৰ লগতে অসমৰ সংগীত জগতত শোঁকৰ ছাঁ পৰে।বিশেষকৈ নগঞা শিল্পী সমাজে এগৰাকী অভিভাৱক হেৰুৱালে। শিল্পী যজ্ঞ বেজবৰুৱাৰ মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে গভীৰ শোক প্ৰকাশ কৰে।
শিল্পী গৰাকীৰ মৃত্যুত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড: পৰমানন্দ ৰাজবংশী, প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, নগাঁৱৰ সংগীত শিল্পী মঞ্চ, কল্লোল সাংস্কৃতিক গোষ্ঠী, সমলয় সাংস্কৃতিক গোষ্ঠী, নগাঁও জিলা সাহিত্য সভা, নগাঁও প্ৰেছ ক্লাব, উৰিয়াগাঁৱৰ সুন্দৰম গোষ্ঠীকে ধৰি ভালেসংখ্যক ব্যক্তি আৰু অনুষ্ঠানে শোক প্ৰকাশ কৰে।
আনহাতে আজি পুৱা বিশিষ্ট শিল্পী গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত ভালেসংখ্যক গুনমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত বেজবৰুৱাই পত্নী, দুই পুত্র আৰু দুগৰাকী কন্যা সহ ভালেসংখ্যক আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়।













