ষ্টাফ ৰিপ’ৰ্টাৰ:
অসন্তুষ্ট গুৱাহাটী চিটী বাছ মালিক সন্থা৷সমগ্ৰ দেশতে লকডাউন শিথিল কৰাৰ নিৰ্দেশ দিয়াৰ পাছতো ৰাজ্য চৰকাৰে গুৱাহাটীত চিটী বাছ চলাচলৰ অনুমতি নিদিয়াত অসন্তুষ্ট হৈ পৰিছে গুৱহাটী মটৰ পৰিবহণ সন্থা৷
গুৱাহাটীত বৰ্তমান আছে প্ৰায় ৭০০ চিটীবাছ৷ এই বাছসমূহত কাম কৰি ঘৰ চলাি আছে প্ৰায় ৩০০০তকৈ অধিক চালক–হেণ্ডিমেনে৷ কিন্তু বিগত ৫ মাহে চিটী বাছ চলাচল কৰিব নোৱাৰাত বিপদত পৰিছে কৰ্মচাৰী, চিটী বাছৰ মালিকসকল৷ চিটী বাছ চলাচলৰ অনুমতি দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে চিটী বাছ মালিক সন্থাই৷
এক সংবাদমেল আয়োজন কৰি এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে সদৌ গুৱাহাটী মটৰ পৰিবহণ সন্থাই৷ সংবাদমেলত পৰিবহণ সন্থাই ৰাজ্য চৰকাৰক অনুৰোধ জনায় শীঘ্ৰে চিটী বাছ সেৱা মুকলি কৰি দিয়াৰ বাবে৷ কাৰণ অকল কৰ্মচাৰীৰে নহয়, গভীৰ আৰ্থিক সংকটত পৰিছে চিটী বাছৰ মালিকসকলো৷
কাৰণ বিগত ৪–৫ মাহে চিটী বাছসমূহ নছলাৰ বাবে মাহেকীয়া বেংকৰ কিষ্টি দিব পৰা নাই মালিকসকলে৷ তাৰ সমান্তৰালকৈ একাংশ চিটী বাছৰ কৰ্মচাৰীয়ে অন্যান্য ব্যৱসায় কৰিছে যদিও অধিকাংশই এতিয়াও ধনৰ অভাৱত দিন পাৰ কৰিবলগীয়া হৈছে৷
বৰপেটাত কেইবাজনো বাছৰ কৰ্মচাৰীয়ে আত্মহত্যা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ যাৰ বাবে পৰিবহণ সন্থাই ৰাজ্য চৰকাৰক পুনৰ চিটী বাছসমূহ চলাচলৰ অনুমতি দিয়াৰ বাবে আহ্বান জনাইছে। ৰাজ্য চৰকাৰে যি নীতি–নিয়ম বান্ধি দিয়ে সেই নিয়ম মানিয়ে চলিব চিটী বাছ সেৱা৷ কোভিড–১৯ৰ বিৰুদ্ধে যুঁজত চিটী বাছৰ মালিক–কৰ্মচাৰী সকলোৱে সহযোগ কৰি আহিছে আৰু আগলৈও মানি চলাৰ প্ৰতিশ্ৰুতি দিয়ে৷