![]()
নিউজ ডেস্কঃ
দেওবাৰে আক্রান্ত হৈছিল কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েদুৰাপ্পা। তেওঁৰ দ্রুত সুস্থতা কামনা কৰি টুইট কৰিছিল বিৰোধী দলপতি ছিদ্দাৰামাইয়াই। এইবাৰ কৰ্ণাটকৰ প্রাক্তন মুখ্যমন্ত্রী ছিদ্দাৰামাইয়া নিজেই ক’ৰোনাত আক্রান্ত।
তেওঁক হস্পিটেলত ভর্তি কৰোৱা হৈছে। বিগত দিন কেইটাত যিসকল তেওঁৰ সংস্পর্শলৈ আহিছে, তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা আৰু প্রয়োজনীয় সতর্কতা লোৱাৰ আহ্বান জনাইছে কংগ্রেছ নেতাগৰাকীয়ে।












