
ডেৰ মাহ পূৰ্বে ‘অনিৰ্দিষ্টকালীন পট্টা’ বাতিলৰ বাবে জাননী প্ৰেৰণৰ পিছত এইবাৰ কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ চফদৰজং ৰোডৰ মাটিৰ পৰা পৰম্পৰাগত জিমখানা ক্লাবক উচ্ছেদ কৰাৰ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

ক্লাব কৰ্তৃপক্ষক ‘চৰকাৰী সম্পত্তি (অবৈধ দখলদাৰক উচ্ছেদ) আইন, ১৯৭১’ৰ অধীনত শুনানিৰ বাবে ‘ভূমি আৰু উন্নয়ন’ বিভাগলৈ চমন জাৰি কৰা হৈছে। ৭ জুলাইত শুনানি অনুষ্ঠিত হ’ব।
‘চৰকাৰী সম্পত্তি (অবৈধ দখলকাৰীক উচ্ছেদ) আইন’ অনুসৰি বেদখল কৰা পক্ষক উচ্ছেদ কৰাৰ পূৰ্বে সংশ্লিষ্ট পক্ষক জাননী জাৰি কৰি শুনানিৰ বাবে মাতিব লাগে। সেই উদ্দেশ্যে এজন বিশেষ বিষয়া নিযুক্তি দিয়া হৈছে।
ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰিটোত দাবী কৰা হৈছে যে, “ভাৰত চৰকাৰৰ অধীনত চৌহদটো মূল্যৱান চৰকাৰী সম্পত্তি। চৰকাৰে জনস্বাৰ্থ আৰু ৰাজহুৱা উদ্দেশ্য অনুসৰি এনে চৰকাৰী সম্পত্তি নিয়ন্ত্ৰণ, সুৰক্ষা আৰু ব্যৱহাৰ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।”
ফলত এই জাননী উচ্ছেদ প্ৰক্ৰিয়াৰ আৰম্ভণি বুলি বিবেচিত হৈছে। ইয়াৰ লগতে জাননীখনত উল্লেখ আছে যে পট্টা চুক্তি অনুসৰি পট্টাদাতাই (চৰকাৰে) পুনৰ চৌহদটো দখল কৰিব পাৰে বা জনস্বাৰ্থত প্ৰয়োজন হ’লে পুনৰ ল’ব পাৰে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে কেন্দ্ৰই দিল্লীৰ জিমখানা ক্লাবলৈ জাননী প্ৰেৰণ কৰিছিল যে ৫ জুনৰ ভিতৰত লুটিয়নছৰ দিল্লীৰ ২৭.৩ একৰ মাটি খালী কৰা হ’ব। সেই আদেশ ২২ মে’ত জাৰি কৰা হৈছিল।
ক্লাব কৰ্তৃপক্ষই ইয়াৰ বিৰোধিতা কৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। যোৱা ২৬ মে’ত ন্যায়াধীশ অবনীশ ঝিংগানৰ বিচাৰপীঠত শুনানি এই গোচৰৰ শুনানি গ্ৰহণ কৰা হৈছিল।
তাত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৫ জুনত দিল্লী জিমখানা ক্লাবৰ মাটি বলপূৰ্বকভাৱে দখল নকৰে বুলি উল্লেখ কৰিছিল। তেওঁ আদালতত কয় যে এই মাটি ক্লাবক অনিৰ্দিষ্টকালৰ বাবে লীজত দিয়া হৈছে। যোৱা ২২ মে’ত ক্লাবটোক বাতিল কৰিবলৈ জাননী দিয়া হৈছিল।
সেই মাটিৰ পৰা যদি কোনো উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় তেন্তে আইন অনুসৰি হ’ব বুলিও উচ্চ ন্যায়ালয়ৰ আগত ছলিচিটৰ জেনেৰেলে কয়। উপযুক্ত আইনী জাননী দিয়াৰ পিছত এই পদক্ষেপ লোৱা হ’ব বুলি তেওঁ আশ্বাস দিয়ে। এইবাৰ আৰম্ভ হৈছে আইনী প্ৰক্ৰিয়া।










