![]()
নিউজ ডেস্কঃ
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তভাৰ এইবাৰ যাব পাৰে চিবিআইৰ হাতলৈ। আজি চিবিআই তদন্তৰ দাবী জনায় বিহাৰ চৰকাৰে। বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে এটি সর্বভাৰতীয় টিভি চেনেলৰ আগত কয়, ‘‘সুশান্তৰ পৰিয়ালে যিহেতু সন্মতি দিছে, সেয়ে বিহাৰত ৰুজু হোৱা এফআইআৰৰ ভিত্তিত চিবিআই তদন্তৰ আহ্বান জনোৱা হৈছে।’’ অৱশ্যে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই চিবিআই তদন্তৰ দাবী পূৰ্বতেই খাৰিজ কৰিছিল।
সূত্রৰ খবৰ মতে, আজি পুৱা মুখ্যমন্ত্রী নীতিশ কুমাৰক ফোন কৰে সুশান্তৰ পিতৃ কে কে সিঙে। মুখ্যমন্ত্রীকো চিবিআই তদন্তৰ আর্জি জনায়। তাৰ পিছতেই বিহাৰৰ জেডিইউ চৰকাৰে চিবিআই তদন্তৰ চুপাৰিশৰ সিদ্ধান্ত লয়।
উল্লেখ্য যে সুশান্তৰ পিতৃ কে কে সিঙে মুম্বাই আৰক্ষীয়ে কার্যত একোৱেই কৰা নাই বুলি অভিযোগ তুলিছিল। বিগত কেইবা দিন ধৰি বিহাৰ চৰকাৰৰ ওপৰতো সেই চাপ আৰু বাঢ়িছে। সুশান্তৰ পিতৃয়ে যোৱা সোমবাৰে এটি ভিডিও বার্তাত কৈছিল, বিগত ২৫ ফেব্রুৱাৰীত মই বান্দ্রা থানাৰ আৰক্ষীক জনাইছিলো যে মোৰ পুত্ৰৰ জীৱন বিপদাপন্ন।
তাৰ পিছত ১৪ জুনত পুত্ৰৰ মৃত্যু হ’ল। পুত্ৰৰ মৃত্যুৰ পিছত ফেব্রুৱাৰীতে অভিযোগত যিসকলৰ নাম আছিল, তেওঁলোকৰ বিৰুদ্ধে তদন্তৰ কথা কৈছিলো। কিন্তু ঘটনাৰ ৪০ দিন পিছতো কোনো ব্যৱস্থাই লোৱা হোৱা নাই।
প্রচলিত প্রথা অনুযায়ী কোনো ৰাজ্য চৰকাৰে চিবিআই তদন্তৰ আহ্বান জনালে কেন্দ্রইও সেয়া মানি লয়। ফলত সুশান্তৰ মৃত্যুত তদন্তভাৰ চিবিআইৰ হাতলৈ যাব পাৰে বুলিয়েই ভবা হৈছে। কিন্তু মৃত্যুৰ ঘটনা ঘটিছে মুম্বাইত। মহাৰাষ্ট্রৰ মুখ্যমন্ত্রীয়ে এবাৰ চিবিআই তদন্তৰ আর্জি খাৰিজ কৰিছে। ফলত এই ক্ষেত্রত কি হ’ব, তাক লৈও কিছু হ’লেও সংশয় আছে।












