![]()
জিতেন বৰকটকী:
নগাঁও : মঙলবাৰে পুৱা নগাঁৱৰ ভোটাই গাঁৱৰ এগৰাকী ছাত্ৰনেতাৰ মৃতদেহ পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। উল্লেখ্য যে সোমবাৰে পুৱা ঘৰৰ পৰা পথাৰত গৰু এৰাল দিবলৈ গৈছিল যুৱকজন। তাৰ পিছৰ পৰাই নিৰুদ্দিষ্ট হৈ আছিল তেওঁ।
ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথা মতে, চহৰৰ নিকটৱৰ্তী ভোটাইগাঁৱৰ লক্ষ্যজ্যোতি শইকীয়া(২০) নামৰ যুৱকজন সোমবাৰে পুৱা পথাৰলৈ গৰু এৰাল দিবলৈ গৈছিল। তাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ পৰে তেওঁ। নগাঁৱৰ পুৰণিগুদাম মহাবিদ্যালয়ৰ স্নাতক কলা শাখাৰ ছাত্ৰ লক্ষ্যজ্যোতি আছিল পিতৃ-মাতৃৰ একমাত্ৰ সন্তান। ঘৰখনৰ আৰ্থিক দুৰৱস্থাৰ বাবে পঢ়া-শুনাৰ লগতে কৃষি-কৰ্মতো জড়িত থকা লক্ষ্যজ্যোতি আছুৰ সৈতেও ঘনিষ্ঠভাৱে জড়িত আছিল।
লগতে তেওঁ আছিল ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ এগৰাকী অগ্ৰণী সদস্য।নিৰুদ্দিষ্ট লক্ষ্যজ্যোতিক সোমবাৰে নিশা পৰ্যন্ত ভোটাইগাঁওবাসীয়ে বহুতো বিচাৰ-খোচাৰ কৰিছিল যদিও কোনো শুংসূত্ৰ লাভ কৰা নাছিল। ইফালে আজি পুৱা পথাৰৰ মাজৰ এটা পুখুৰীত ওপঙি থকা অৱস্থাত লক্ষ্যজ্যোতিৰ মৃতদেহ ৰাইজে প্ৰত্যক্ষ কৰে।
লগে লগে ৰাইজে নগাঁও সদৰ আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে আহি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান মতে গৰু এৰাল দিবলৈ যাওঁতে দুৰ্ঘটনাবশতঃ পানীত পিচল খাই পৰি মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে তদন্তৰ পিছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব।আনহাতে, ছাত্ৰনেতাজনৰ আকস্মিক বিয়োগত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।













