![]()
নিউজ ডেস্ক:
প্রায় ১৩৪ বছৰৰ বিতর্ক। তাৰ শেষত অৱশেষত ভূমিপূজা। ক’ৰোনাৰ বাবে অনুষ্ঠান কিছু ম্লান। সেই বুলি জানো অলপ মুখ মিঠা নকৰিব? আৰু সেই বাবেই ভূমিপূজাৰ দিনা জনসাধাৰণৰ মাজত বিতৰণৰ বাবে প্ৰস্তুত হৈছে প্রায় ১.২৫ লক্ষ লাড়ু।
কিন্তু সেয়াও যিকোনো লাড়ু নহয়। যিহেতু ৰাম মন্দিৰৰ ভূমিপূজা, সেয়ে লাড়ুও ‘ৰঘুপতী লাড়ু’। কথিত আছে, সম্পূর্ণ বিশুদ্ধ আৰু সতেজ গৰুৰ ঘিৰে বনোৱা এই লাড়ু যি এবাৰ খায়, জীৱনত তাৰ স্বাদ পাহৰি নাযায়।
মহাবীৰ মন্দিৰ কমিটিৰ সদস্য আচার্য্য কিশোৰ কুণালে কয়, “ভূমিপূজাৰ দিনা ১.২৫ লক্ষ লাড়ু প্রস্তুত কৰা হৈছে। ইয়াৰ ভিতৰত ৫১ হাজাৰ লাড়ু দিয়া হ’ব ৰাম জন্মভূমি তীর্থ ক্ষেত্র ট্রাস্টৰ হাতত।”
বাকী লাড়ুবোৰ বিহাৰৰ সীতামাৰহিৰ মন্দিৰলৈ পঠোৱা হ’ব। তাত প্রায় ২৫টা তীর্থক্ষেত্রত বিতৰণ কৰা হ’ব এই লাড়ু।












