ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি ৭০ সংখ্যক মৃত্যু দিৱস লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ।শিলপুখুৰীৰ গোপীনাথ বৰদলৈৰ সমাধিস্থলীত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, গোপীনাথ বৰদৈলৰ পুত্ৰ বলিন বৰদলৈৰ লগতে কামৰূপ মহানগৰৰ জিলা উপায়ুক্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।
১৮৯০ চনৰ ৬ জুন মাহত ৰহাত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জন্ম হৈছিল আৰু তেখেতৰ মৃত্যু হৈছিল ১৯৫০ চনৰ ৫ আগস্টত৷লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল ৷