![]()
নিউজ ডেস্কঃ
ৰাষ্ট্রসংঘত ভাৰতৰ স্থায়ী প্রতিনিধি টিএছ তিৰুমুর্তিয়ে মঙ্গলবাৰে কয়, পাকিস্তান সন্ত্রাসবাদৰ কেন্দ্র। তেওঁ ৰাষ্ট্ৰসংঘৰ সেই ৰিপোর্টৰ কথাও উল্লেখ কৰে, য’ত বিদেশী সন্ত্রাসবাদীৰ আক্ৰমণত পাকিস্তানৰ ভূমিকাৰ কথা উল্লেখ আছে। তেওঁ কয়, পাকিস্তানৰ সন্ত্রাসবাদীয়ে আফগানিস্তানত ঘাটি গঢ়ি বহি আছে, আৰু তাৰপৰাই সিহঁতে সন্ত্রাসবাদী গতিবিধি চলায়।
টিএছ তিৰুমুর্তিয়ে কয়, এইটো একেবাৰে সত্য যে পাকিস্তান সন্ত্রাসবাদৰ কেন্দ্র। পাকিস্তান সন্ত্রাসবাদ আৰু সন্ত্রাসবাদী, আন্তর্জাতিক ৰূপে ঘোষণা কৰা সন্ত্রাসবাদী সংগঠন জামাত-উদ-দাৱা, লস্কৰ-ই-তৈবা, জইশ-ই-মোহাম্মদ আৰু হিজবুল মুজাহিদ্দিনৰ সকলোতকৈ ডাঙৰ ঠিকনা।

ৰাষ্ট্ৰসংঘৰ এনালিটিক ছাপোর্ট এণ্ড ছেংচন মনিটৰিং টিমৰ ২৬ সংখ্যক ৰিপোর্টৰ কথা উল্লেখ কৰি তেওঁ কয়, ৰাষ্ট্ৰসংঘই নিজৰ ৰিপোর্টতে বিদেশত সন্ত্রাসবাদী আক্ৰমণত পাকিস্তানৰ ভূমিকাৰ কথা উল্লেখ কৰিছে। সম্প্রতি ৰিপোর্টত বিশ্লেষণমূলক সহায়তা আৰু নিষেধাজ্ঞাৰ তদাৰকী দল যিয়ে আইএছআইএল, আল-কায়দাৰ সন্ত্রাসবাদী গতিবিধিক লৈ সময়ে সময়ে নিজৰ ৰিপোর্ট প্রস্তুত কৰে, তাত পাকিস্তান জড়িত থকাৰ প্রত্যক্ষ উল্লেখ কৰা হৈছে।স্থায়ী প্রতিনিধিগৰাকীয়ে কয়, ‘এই ৰিপোর্টত স্পষ্টৰূপে উল্লেখ কৰা হৈছে যে, পাকিস্তান সন্ত্রাসবাদী সংগঠনৰ নেতৃত্বত আছে। ৰিপোর্টত আল-কায়দাৰ সেই নেতাৰ নামো উল্লেখ কৰা হৈছে, যি দুর্ভাগ্যক্রমে পাকিস্তানৰ নাগৰিক। এইটো স্পষ্ট যে এই সন্ত্রাসবাদী সংগঠনৰ নেতৃত্ব আৰু আর্থিক সহায়তা পাকিস্তানৰ পৰাই দিয়া হয়।












