নিউজ ডেস্ক:
সৰযূ নদীৰ তীৰত স্বর্ণযুগৰ সূচনা হ’ল। অযোধ্যাত ৰাম মন্দিৰৰ শিলান্যাসৰ দিনটোক এনেদৰেই ব্যাখ্যা কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। তেওঁ কয়, ‘‘বহু দিনৰ প্রতীক্ষা শেষ। ইমান দিনে কিবাকৰি মূৰ গুজি আছিল ৰামলালা। এইবাৰ তেওঁৰ বাবে সুবিশাল মন্দিৰ নির্মিত হ’ব। বহু শতক ধৰি যি ভঙা-গঢ়াৰ খেল চলি আহিছে, আজি ৰামজন্মভূমি তাৰ পৰা মুক্ত হ’ল। সৰযূ নদীৰ তীৰত সূচনা হ’ল স্বর্ণযুগৰ।’’
উল্লেখযোগ্য যে ২৯ বছৰ পিছত আজি অযোধ্যাত ভৰি দিয়ে নৰেন্দ্র মোদীয়ে। ৰাম মন্দিৰৰ শিলান্যাসৰ দিনটোক স্বাধীনতা দিৱসৰ সৈতে তুলনা কৰি তেওঁ কয়, ‘‘সমগ্র দেশে স্বাধীনতা সংগ্রামত যোগ দিছিল। মন্দিৰৰ বাবেও বহুতে বলিদান দিছে। ইমান দিনৰ অপেক্ষা শেষ হ’ল। ১৫ আগষ্ট যেনেদৰে স্বাধীনতাৰ প্রতীক, আজিৰ দিনটোও তেনেদৰেই ত্যাগ, সঙ্কল্প আৰু সংঘর্ষৰ প্রতীক।’’
তেওঁ কয়, ‘‘আজি সমগ্র দেশ ৰামময়, ৰোমাঞ্চিত। পৃথিৱীৰ সর্বত্র ৰামৰ ধ্বনি শুনা গৈছে। এই ৰাম মন্দিৰ আমাৰ সংস্কৃতিৰ আধুনিক প্রতীক। আমাৰ ৰাষ্ট্রীয় ভাবনাৰ প্রতীক। সমগ্র পৃথিৱীৰ মানুহ ইয়ালৈ আহিব। এই মন্দিৰৰ মাধ্যমেৰে বর্তমানৰ সৈতে অতীতৰ যোগসূত্র স্থাপিত হ’ব।’’
প্রধানমন্ত্রী আৰু কয়, ‘‘ৰামে আমাৰ মনত স্থায়ী স্থান দখল কৰি লৈছে। সকলো কামত ৰামেই আমাৰ প্রেৰণা। আজি সমগ্ৰ দেশৰ মানুহ ৰাম মন্দিৰ নির্মাণত জড়িত হৈছে। ৰামৰ চৰিত্রৰ কেন্দ্রবিন্দু হ’ল সত্যপালন। জীৱনৰ এনে কোনো ক্ষেত্র নাই য’ত ৰাম আমাৰ কাষত প্রেৰণা নহয়। বহুৰ মাজত বৈচিত্রই ভাৰতৰ বৈশিষ্ট। ভাৰতৰ বিভিন্ন প্রদেশত সেয়ে ৰামায়ণৰ ভিন্ন ভিন্ন গাথা আছে। ভাৰতৰ বাহিৰেও বিভিন্ন দেশত ৰামায়ণ আছে। সর্বত্রই ৰাম একেভাবেই পূজনীয়।’’
তেওঁ উল্লেখ কৰে, ‘‘ৰামে আমাৰ মনৰ মাজত স্থান দখল কৰি লৈছে। আমাৰ সৈতে একাত্ম হৈ গৈছে তেওঁ। প্রভুৰ কি অদ্ভূত শক্তি চাওক, ইমাৰত নষ্ট হৈ গৈছে। কিন্তু তাতো একো হোৱা নাই। ৰামৰ অস্তিত্ব নোহোৱা কৰাৰ সকলো ধৰণৰ চেষ্টা হৈছিল, কিন্তু ৰাম আমাৰ মনজুৰি আছে। আমাৰ সংস্কৃতিৰ আধাৰ তেওঁ।’’
‘‘স্বাধীনতা সংগ্রামত মহাত্মা গান্ধীয়ে যেনেদৰে দলিত আৰু জনজাতি মানুহৰ সমর্থন পাইছিল, একেদৰে দেশৰ সমস্ত মানুহৰ সমর্থন আছিল বাবেই ৰাম মন্দিৰ নির্মাণৰ কাম আৰম্ভ কৰা গৈছে। প্রত্যেকেই ৰাম। প্রত্যেকেৰ মাজতেই ৰাম আছে।’’ প্ৰধানমন্ত্ৰীয়ে এনেদৰে কয়।
কৰোনা পৰিস্থিতিত ৰাম মন্দিৰ নির্মাণক কেন্দ্ৰ কৰি সমালোচনাৰ মুখত পৰিছিল কেন্দ্র। কিন্তু আজি অনুষ্ঠানস্থলীত সামাজিক দূৰত্ববিধি মানিয়েই অতিথিসকলৰ বহাৰ ব্যৱস্থা কৰা হৈছিল। মাস্ক পিন্ধিয়েই ভূমিপূজাত অংশ লৈছিল প্রধানমন্ত্রীয়ে। তেওঁ কয়, ‘‘কৰোনাৰ বাবে এই অনুষ্ঠান অন্যভাবে কৰা হৈছে। আদালতৰ নির্দেশৰ পিছতেই আমি চিন্তা কৰিছিলোঁ। আমি বিচাৰিছিলো, সকলোৱেই যেন শান্তিত অনুষ্ঠানত অংশ ল’ব পাৰে।’