নিউজ ডেস্ক:
ক’ৰোণাৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো বন্ধ হৈ আছে শিক্ষা প্ৰতিষ্ঠানসমূহ। ইতিমধ্যে চলিত শিক্ষা বৰ্ষৰ প্ৰায় ছয়টা মাহ বন্ধ হৈ আছে পাঠদান কাৰ্য। কিছু কিছু শিক্ষানুষ্ঠানে অনলাইন পাঠদান আৰম্ভ কৰিছে যদিও সেয়া পৰ্যাপ্ত আৰু ফলপ্ৰসূ হোৱা নাই। ফলত শিক্ষানুষ্ঠানসমূহ খোলাৰ বাহিৰে কোনো গত্যন্তৰ নাই।
সেয়েহে শিক্ষাৰ্থীসকলৰ শিক্ষা বৰ্ষ যাতে অথলে নাযায় তাৰ প্রতি লক্ষ্য ৰাখি ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ খোলাৰ যো-জা চলাইছে। এই ক্ষেত্ৰত পৰিস্থিতি অধ্যয়ন আৰু কার্যব্যৱস্থা গ্ৰহণৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে গঠন কৰি দিছে ৪০ জনীয়া কমিটী।
সম্পূৰ্ণ অনানুষ্ঠানিক পদ্ধতিৰে আৰম্ভ কৰিব বিচৰা পাঠদান কাৰ্যসূচীৰ বাবে চৰকাৰে প্ৰকাশ কৰিছে কিছু গাইড লাইনও। আনহাতে, এই গাইড লাইনৰ ওপৰত পৰামৰ্শ বিচাৰিছে বহু কেইজন শিক্ষাবিদৰ পৰা। শিক্ষা বিভাগে আগবঢ়োৱা
প্ৰস্তাৱসমূহ হৈছে :
* মাস্ক পিন্ধি সামাজিক দূৰত্বৰে পাঠদান আৰম্ভ কৰা।
* ৩০ আগষ্টৰ ভিতৰত শিক্ষক-কৰ্মচাৰীসকলে কৰাব লাগিব কৰোনা টেষ্ট।
* ১৫ দিনৰ মূৰে মূৰে শিক্ষানুষ্ঠান ছেনিটাইজ কৰিব লাগিব।
* বৰ্তমানৰ দৰে চলি থাকিব অনলাইন পাঠদান।
* প্ৰথমৰ পৰা চতুৰ্থ শ্ৰেণীলৈ কোনো পাঠদান আৰম্ভ নহয়।
* পঞ্চম শ্ৰেণীৰ পৰা আৰম্ভ হ’ব পাঠদান।
* মাধ্যাহ্ন ভোজনৰ ৰেচন বিতৰণ কৰোতে দিয়া হ’ব প্ৰশ্নকাকত আৰু এছাইনমেণ্ট।
* চতুৰ্থ শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলে ঘৰতে প্ৰশ্নকাকতৰ উত্তৰ লিখিব পাৰিব।
* শিক্ষকৰ হাতত অভিভাৱকে প্ৰশ্নকাকত আৰু এছাইনমেণ্ট জমা দিব লাগিব।
* শিক্ষকসকলে উত্তৰ বহীসমূহ বিদ্যালয়লৈ আহি পৰীক্ষা কৰিব লাগিব।
* চৰকাৰী আৰু বেচৰকাৰী উভয় বিদ্যালয়ৰ ক্ষেত্ৰতে এই নিয়ম প্ৰযোজ্য হ’ব।
নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়া ব্যৱস্থা :
* এই দুটা শ্ৰেণীৰ শিক্ষাৰ্থীসকলে ওচৰৰ বিদ্যালয়লৈ আহি পাঠ গ্ৰহণ কৰিব পাৰিব।
* সৰ্বাধিক ১৫ জন ছাত্ৰ-ছাত্ৰীৰেহে বিদ্যালয়সমূহে পাঠদান কৰিব পাৰিব।