নিউজ ডেক্স:
অযোধ্যাৰ ভূমি পূজাত উপস্থিত নাথাকে বুলি সোমবাৰে বিজেপিৰ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীয়ে জনাইছিল৷ ক’ৰোনা সংক্ৰমণৰ বাবেই তেওঁ এই সিদ্ধান্ত লৈছিল৷ কিন্তু বুধবাৰে যথা সময়ত ৰাম মন্দিৰৰ অনুষ্ঠানত উপস্থিত হয় বিজেপিৰ নেত্ৰী উমা ভাৰতী৷
ৰাম জন্মভূমিত উপস্থিত হোৱাৰ কিছু সময়ৰ আগতে তেওঁ হিন্দীতে টুইট কৰি লিখে, মৰ্যাদা পুৰুষোত্তম ৰামৰ মৰ্যাদা ৰক্ষা কৰিবলৈ মই বাধ্য৷ ৰাম জন্মভূমিৰ এজন প্ৰবীন বিষয়াই অনুৰোধ কৰিছিল ভূমি পূজাত থাকিবলৈ৷
সেয়ে মই এই অনুষ্ঠানলৈ আহিলো৷ আনহাতে ৬১ বছৰীয়া এই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰণি জনায় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷