ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি পুৱাই মহানগৰত আৱকাৰী বিভাগৰ অভিযান ৷গুৱাহাটী সদৰ আৱকাৰী বিভাগে মালিগাঁৱত অভিযান চলাই নষ্ট কৰে বহু সংখ্যক চুলাই লগতে উৎখাত কৰে ভাটি।
মহানগৰীৰ মালিগাওঁৰ মিঠাআম, আদিংগিৰীত পুৱা চলা আবকাৰী অভিযানৰ নেতৃত্ব আছিল অধীক্ষক দেৱজিৎ নাথ।উপ অধীক্ষক অনন্ত কলিতা আৰু নজৰুল ইচলামো অভিযানত উপস্থিত থাকে।
আবকাৰী বিভাগৰ উপ অধীক্ষক অনন্ত কলিতাই সংবাদ মাধ্যমক জানিব দিয়া অনুসৰি ” মিঠা আম, আদিংগিৰী অঞ্চলত ১৫০ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে ৮টাকৈ চুলাই ভাটি উৎখাত কৰে।লগতে মদ প্ৰস্তুতত ব্যৱহাত কৰা সামগ্ৰীৰো নষ্ট কৰে”।
গুৱাহাটীত ধাৰাবাহিক ভাৱে অবৈধ চুলাই মদৰ বিৰুদ্ধে আৱকাৰী বিভাগৰ এই অভিযান চলি থাকিব বুলি উল্লেখ কৰে আবকাৰি বিষয়া গৰাকীয়ে।