![]()
নিউজ ডেস্ক:
সুশান্তৰ বেংক একাউন্টৰ পৰা বহু কয়েক কোটি টকা হস্তগত কৰিছে ৰিয়াই। সুশান্তৰ পিতৃৰ এই অভিযোগৰ পিছতেই ৰিয়ালৈ চমন পঠায় ইডিয়ে। ইডিৰ তৰফৰ পৰা আৰু জনোৱা হৈছে, সুশান্ত সিং ৰাজপুতৰ মুঠ চাৰিটা বেংক একাউন্ট আছিল।

তেওঁ দুটি একাউন্টৰ পৰা মোটা অংকৰ টকা লেনদেন হৈছে। কোটক মহিন্দ্রা বেংক আৰু এইচডিএফচিৰ পৰাই মোটা অঙ্কৰ টকা গৈছে ৰিয়া চক্রৱর্তীৰ একাউন্টলৈ। সম্প্রতি মুম্বাইৰ অভিজাত এলেকাত দুটা ঘৰ কিনিছে চক্রৱর্তী পৰিয়ালে। এই ঘৰ সংক্রান্তীয় যাৱতীয় কাগজ-পত্র চাব বিচাৰিছে ইডিয়ে।
সুশান্তৰ পাভানিত এটি সৰু ফার্ম হাউছ আছে। ইয়াৰ উপৰি মুম্বাইৰ ওচৰৰ গোড়েগাঁৱত এটি এপার্টমেন্ট আছে। লগতে তেওঁৰ দুখন দামী গাড়া আছে। যিবোৰৰ ঋণ তেওঁ এতিয়াও পৰিশোধ কৰি আছে। ৰিয়া চক্ৰৱৰ্তীৰ অভিযোগ, সুশান্তৰ পিতৃয়ে তেওঁক অযথা হাৰাশাস্তি কৰিছে। তেওঁ লগতে জনায়, সুশান্তৰ সৈতে এবছৰ ধৰি তেওঁ আছিল, জুন মাহত মাত্র কেইদিনমানৰ বাবে তেওঁ বেলেগে থাকিবলৈ আৰম্ভ কৰে। কিন্তু তেওঁ ফ্লেট এৰি ওলাই অহাৰ ৬ দিনৰ ভিতৰতেই সুশান্তই আত্মহত্যা কৰে।
উল্লেখ্য যে বিগত কেইবা বছৰে ৰিয়া চক্রৱর্তীৰ বার্ষিক উপাৰ্জন আছিল ১০-১২ লক্ষ টকা। পিছত সেয়া বাঢ়ি হয় ১৪ লাখ টকা। আৰু তাৰেই তেওঁ ৩ কোটি মূল্যৰ দুটি সম্পত্তি পায়। কেনেদৰে লাভ কৰিলে ইমান টকা, তাক তদন্ত কৰি চাব বিচাৰিছে ইডিয়ে।
পূৰ্বতে শিনব পোৱা গৈছিল যে সুশান্তৰ সৈতে ৰিয়াই যি কোম্পানী খুলিছিল তাত তৃতীয় অংশীদাৰ হিচাবে আছিল তেওঁৰ ভাতৃৰ নাম। এতিয়া দেখা গৈছে ৰিয়াৰ পিতৃ ইন্দ্রজিৎ চক্রৱর্তীসহ ৰিয়াৰ পৰিয়ালৰ একাধিক সদস্য আছে এই কোম্পানীৰ সৈতে। বৃহস্পতিবাৰে ৰিয়াৰ চাটার্ড একাউন্টটেন্টকো জেৰা কৰা হয়। কিন্তু তেওঁৰ বক্তব্যত সন্তুষ্ট নহয় ইডি।











