![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : সকলো জল্পনা- কল্পনাৰ অন্ত পেলাই আজিৰে পৰা গঠন হ’ ল কাৰবি আংলং অনলাইন নিউজ এছ’চিয়েছন ৷ মাঞ্জাৰ কামুল পৰিদৰ্শন বাংলোত ৰবিন বৰুৱাৰ পৌৰুহিত্যত সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা সভাখনত জিলাখনৰ বিভিন্ন প্ৰান্তত ডিজিটেল প’ৰ্টেলত সেৱা আগবঢ়োৱা সাংবাদিক সকল উপস্থিত থাকে ৷
সভাত বিভিন্ন সংবাদ দাতাই পাহাৰীয়া জিলাখনত নিষ্ঠা আৰু সততাৰে সংবাদ পৰিবেশন কৰি অহাৰ পিছতো বিভিন্ন জনৰ কটুক্তিৰ লগতে ডিজিটেল মেডিয়া মূল্যহীন বুলি উপলুঙা কৰা বুলি মন্তব্য কৰে ৷ ডাঁৰৰ বাতৰি ডাঁৰে দিয়াৰ উপৰিও কম সময়ৰ ভিতৰতে অসমৰ ৰাইজৰ বুকুৰ আপোন হৈ পৰা ৱেব পৰ্টেল সমূহ লগতে ইয়াৰ সাংবাদিক সকলৰ ভৱিষ্যত সুৰক্ষিত আৰু উজ্জল ভৱিষ্যতৰ বাবে সকলোৱে এই ক্ষেত্ৰত এখন ঐক্যবদ্ধ মঞ্চৰ পোষকতা কৰে ৷
দীৰ্ঘ আলোচনাৰ অন্তত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে ” কাৰবি আংলং অনলাইন নিউজ এছ’চিয়েছন ” নামাকৰণ কৰি এক ২১ জনীয়া তদৰ্থ সমিতি গঠন কৰে ৷ অতিশীঘ্ৰে ইয়াৰ পূৰ্ণাংগ সমিতি গঠন কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
ইয়াৰোপৰি সন্থাৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ এখন সমিতি গঠন কৰি দিয়া হয় ৷ আজি গঠন হোৱা কাৰবি আংলং অনলাইন নিউজ এছ’চিয়েনৰ তদৰ্থ সমিতিখন ক্ৰমে, উপদেষ্টা সকল, ৰবিন বৰুৱা, ছেমছিং ক্ৰ’ আৰু কমল ৰংহাঙ ৷
সভাপতি ভগীৰথ ডেকা ৷ উপসভাতি সকল ক্ৰমে, জেমছ মিলিক, দিগন্ত টেৰণ, প্ৰদীপ ইংলেং আৰু স্বৰূপ লষ্কৰ ৷ সাধাৰণ সম্পাদক, দিগন্ত মহন্ত ৷ সহকাৰী সম্পাদক , ছাইদুল ইছলাম, ছামছিং ইংতি আৰু বিৰেণ গোৱালা ৷ প্ৰচাৰ সম্পাদক সকল সুৰজ গগৈ, বিভিয়ান লংকি ৰংপি ৷ সাংগঠনিক সম্পাদক প্ৰাণদীপ চেতিয়া, ধনঞ্জয় নাথ আৰু নিৰ্মল ছেত্ৰী ( ৰাজেশ) ৷ ক্ৰীড়া সম্পাদক অজিত ঋষি আৰু ষ্টিভেন হাঞ্চে ৷













