![]()
নিউজ ডেস্কঃ
প্রবল বৰষুণৰ ফলত হোৱা ভূমিস্খলনত কেৰালাৰ ইদ্দুকি জিলাৰ ৰাজামালাত এতিয়ালৈকে ১৩জনৰ মৃত্যু ঘটিছে। চৰকাৰী সূত্র মতে, ভূমিস্খলনৰ ফলত মাটিৰ তলত আবদ্ধ হৈ আছে আন ৮০ জনৰো অধিক চাহ শ্রমিক। আনহাতে, ১২ জনক উদ্ধাৰ কৰা সম্ভৱ হৈছে। ইফালে, সম্পূৰ্ণ দুদিনৰ প্রবল বৰষুণৰ পিছত মুম্বাইত শুক্রবাৰে পুৱাৰে পৰা বৰষুণ কিছু কমিছে। আনহাতে, বৰষুণৰ ফলত ভূমিস্খলন ঘটিছে কর্নাটকৰ কোড়াগু জিলাতো।
ইদ্দুকি জিলাৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, আজি পুৱা ভূমিস্খলন হয় মুন্নাৰৰ পৰা কিছু দূৰৈৰ ৰাজামালাত। ভয়ঙ্কৰ ভূমিস্খলন হোৱা স্থানত থাকে যথেষ্টসংখ্যক চাহ শ্রমিক। তেওঁলোকৰ বহু পৰিয়াল ভূমিস্খলনৰ পিছত মাটিৰ তলত আবদ্ধ হৈ থকা বুলি আশঙ্কা কৰা হৈছে।
কেৰালাৰ মুখ্যমন্ত্রী পিনাৰাই বিজয়নে কয়, ‘‘ভূমিস্খলনৰ ফলত মাটিৰ তলত আবদ্ধ হৈ থকা চাহ শ্রমিকসকলক উদ্ধাৰ কাৰ্যত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ (এনডিআৰএফ) এটি দলক ৰাজামালাৰ ঘটনাস্থলীলৈ পঠিওৱা হৈছে।
আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, বনকর্মী আৰু ৰাজহ বিভাগৰ কর্মচাৰীসকলকো উদ্ধাৰকাৰ্যত সহায় কৰিবলৈ নির্দেশ দিয়া হৈছে।’’এনডিআৰএফৰ আৰু এটি দলক ত্রিচূড়ত সাজু কৰি ৰখা হৈছে। প্রয়োজনত এই দলটিও উপস্থিত হ’ব ৰাজামালাৰ ঘটনাস্থলীত।কেৰালাৰ মুখ্যমন্ত্রী কাৰ্যালয়ে জনোৱা মতে, উদ্ধাৰকাৰ্যত সহায় কৰিবলৈ বিমানবাহিনীকো অনুৰোধ কৰা হৈছে।
ইফালে কেৰালাৰ এই ভূমিস্খলনৰ ঘটনাত দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এক শোকবাৰ্তাত মোডীয়ে নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। আনহাতে, আবদ্ধ হৈ থকা লোকসকলক তুৰন্তে উদ্ধাৰৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ লগতে প্ৰয়োজনত সহায় কৰাৰো আশ্বাস দিয়ে। লগতে নিহত আৰু আহতসকললৈ যথাসমভৱ ঊতিপূৰণ প্ৰদানৰো আশ্বাস প্ৰদান কৰে।











