![]()
নিউজ ডেস্কঃ
নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পক্ষত প্ৰশ্ন কৰিবলৈ গৈ আজি কবিগুৰু ৰবীন্দ্ৰনাথ আৰু প্রয়াত বিজ্ঞানী-ৰাষ্ট্রপতিৰ মন্তব্যক হাতিয়াৰ হিচাপে লয় প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। ইউজিচিৰ দ্বাৰা আয়োজিত ‘কনক্লেভ অন ট্রেন্সফৰমেচনেল ৰিফর্মছ ইন হায়াৰ এডুকেচন আন্ডাৰ নেচনেল এডুকেচন পলিচি’ শীর্ষক ভার্চুৱেল সভাত তেওঁৰ মন্তব্য, ‘‘ৰবীন্দ্রনাথ ঠাকুৰে কৈছিল, উচ্চশিক্ষাই কেৱল আমাক জ্ঞান প্ৰদান নকৰে, নিজৰ অস্তিত্ব উপলব্ধি কৰাত সহায় কৰে। আমাৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বৃহত্তৰ দর্শন সেইটোৱে।’’
ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু দিৱসত তেওঁৰ আদর্শৰ কথা দাঙি ধৰাৰ লগতে আজি প্রধানমন্ত্রীয়ে উল্লেখ কৰে কালামৰ কথাও। তেওঁ কয়, ‘‘কালামে কৈছিল, শিক্ষাৰ উদ্দেশ্য হ’ল উৎকর্ষ আৰু দক্ষতা বৃদ্ধিৰ মাধ্যমেৰে ভাল মানুহ গঢ়ি তোলা। শিক্ষকসকলে পাৰে এনে মানুহ গঢ়িবলৈ। শিক্ষানীতি সলনিৰ উদ্দেশ্য হ’ল, উন্নত শিক্ষার্থী আৰু দক্ষ পেছাদাৰীৰ উপৰি জাতিক আৰু ভাল মানুহ দিয়া।’’
প্ৰধানমন্ত্ৰীৰ দাবী, ‘‘তিনি বছৰ ধৰি সমীক্ষা, আলোচনা আৰু পৰামর্শৰ ভিত্তিতেই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰা প্ৰস্তুত কৰা হৈছে। জোৰ কৰি একো জাপি দিয়া হোৱা নাই। কোনো অঞ্চলৰ প্রতিও পক্ষপাতিত্ব কৰা হোৱা নাই।’’ তেওঁৰ দাবী, একৈশ শতিকাৰ ভাৰতৰ চাহিদাৰ কথা ভাবি উন্নয়নৰ নতুন শিখৰ চুবৰ লক্ষ্যতেই নতুন শিক্ষানীতিৰ ৰূপৰেখা তৈয়াৰ কৰিছে কেন্দ্রই। তেওঁৰ মতে, ‘‘এই শিক্ষানীতিয়ে নতুন ভাৰতৰ ভিত্তি নিৰ্মাণ কৰিব। বিষয়টোক লৈ এতিয়া দেশজুৰি আলোচনা চলিছে। এনে বিতর্ক স্বাস্থ্যকৰ।’’
উল্লেখ্য যে কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিৱাল নিশঙ্ক, শিক্ষা ৰাজ্যিক মন্ত্রী সঞ্জয় ধোতৰে, প্রাক্তন ইছৰো প্ৰধান তথা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি (এনইপি) বিষয়ক পৰামর্শদাতা কমিটিৰ প্রধান কে কস্তূৰীৰঙ্গন, বিভিন্ন বিশ্ববিদ্যালয়ৰ উপচার্য আৰু উচ্চশিক্ষা আৰু গৱেষণা প্রতিষ্ঠানসমূহৰ পৰিচালকসকল আজি প্রধানমন্ত্রীৰ ভিডিও কনফাৰেন্সত উপস্থিত আছিল।











