![]()
নিউজ ডেস্কঃ
ৰাজ্য চৰকাৰক অনুৰোধ, আনকি, মুখ্যমন্ত্রীলৈ পত্ৰ লিখিও কাম হোৱা নাছিল। শেষত আদালতলৈ গৈ বিজয় লাভ কৰিলে চিনেমা, ধাৰাবাহিকৰ প্রযোজক আৰু কলা-কুশলীসকলৰ সংগঠন ‘ইন্ডিয়ান মোচন পিকচাৰ্ছ প্রডিউছাৰ্ছ এছোচিয়েচন’ (ইম্পা)-এ।
৬৫ বছৰৰ অধিক বয়সৰ অভিনেতা-অভিনেত্রী আৰু কলা-কুশলীসকলক চিনেমা আৰু ধাৰাবাহিকৰ শ্বুটিং ছেটলৈ যোৱাৰ অনুমতি দিলে বম্বে হাইকোৰ্টে। কেৱল বয়সৰ বাবে পৃথক কৰি কোনো নিয়ম হ’ব নোৱাৰে, এই পর্যবেক্ষণ উচ্চ আদালতখনৰ। অৱশ্যে একে সময়তে ক’ৰোনা ভাইৰাছৰ বাবে প্রয়োজনীয় সকলো ধৰণৰ স্বাস্থ্যবিধি আৰু সামাজিক দূৰত্বৰ বিধি মানি শ্বুটিং কৰাৰ কথাও কৈছে বম্বে হাইকোর্টে।
উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে দীর্ঘদিন ধৰি বলিউডত সকলো চিনেমা, টিভি ধাৰাবাহিকসহ যাৱতীয় অনুষ্ঠানৰ শ্বুটিং বন্ধ আছিল। কেইসপ্তাহমান পূৰ্বে পুনৰ শ্বুটিং আৰম্ভ কৰা অনুমোদন দিয়ে মহাৰাষ্ট্র চৰকাৰে।
কিন্তু ৬৫ বছৰৰ বেছি বয়সৰ অভিনেতা-অভিনেত্রী তথা কলা-কুশলীসকল শ্বুটিং ছেটলৈ যাব নোৱাৰিব বুলি নির্দেশিকাত কোৱা হৈছিল। তাৰ বিৰুদ্ধেই আদালতত গোচৰ তৰে প্রমোদ পাণ্ডে নামৰ এগৰাকী শিল্পীয়ে। সেই গোচৰতেই আজি আদালতে মহাৰাষ্ট্র চৰকাৰৰ নির্দেশিকা খাৰিজ কৰি সকলোকে শ্বুটিং ছেটলৈ যোৱাৰ অনুমতি দিলে।










