![]()
নিউজ ডেস্কঃ
কেৰালাৰ কোঝিকোড়ত দুর্ঘটনাগ্রস্ত এয়াৰ ইণ্ডিয়াৰ বিমানৰ ব্লেক বক্স উদ্ধাৰ হয় শনিবাৰে পুৱা। ডাইৰেক্টৰেট জেনেৰেল অব চিভিল এভিয়েচন (ডিজিচিএ)ৰ সূত্রই এই কথা প্ৰকাশ কৰিছে।
উল্লেখ্য পৰিস্থিতি অধ্যয়নৰ বাবে আজি পুৱাতেই ঘটনাস্থলীত উপস্থিত হয় কেন্দ্রীয় বিদেশ ৰাজ্যিক মন্ত্রী ভি মুৰলীধৰণ। ঘটনাস্থলীত চৰজমিন তদন্তৰ পিছত তেওঁ কয়, “কেনেদৰে এই দুর্ঘটনা ঘটিল তাৰ তদন্ত কৰা হৈছে।”
উল্লেখ্য যে শুক্রবাৰে নিশাৰ এই দুর্ঘটনাত পাইলট আৰু সহকাৰী-পাইলটসহ এই পর্যন্ত ১৮ জনৰ মৃত্যু হৈছে। আহত হৈছে ১৭৩ জন যাত্রী। কোঝিকোড় আৰু মালাপ্পুৰমৰ বিভিন্ন হস্পিটেলত ১৪৯ জন যাত্রীৰ চিকিত্সা চলি আছে। তাৰে ২২ জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।










