![]()
নিউজ ডেস্কঃ
এলাহাবাদ, ফৈজাবাদ, মোগলচৰাই-ইয়াৰ পিছত এইবাৰ সলনি হ’ব পাৰে আগ্রাৰ নাম। আগ্রাৰ নাম পৰিবর্তন কৰি অগ্রভান কৰাৰ প্রস্তাৱ দিছে উত্তৰ প্রদেশৰ যোগী আদিত্য নাথৰ চৰকাৰে।
সূত্র মতে, আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগক কোৱা হৈছে, প্রাচীনকালত আগ্রাৰ নাম আছিল অগ্রভান। কিন্তু পিছত সেয়া সলনি কৰি কৰা হয় আগ্রা। কি কাৰণত কৰা হৈছিল এই নামৰ পৰিবর্তন?
ইয়াৰ উপৰি আগ্রাৰ নামৰ ঐতিহাসিক মাহাত্ম্য বিচাৰি উলিওৱাৰ বাবেও চৰকাৰৰ পক্ষৰ পৰা আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলক কোৱা হৈছে।










