![]()
নিউজ ডেস্কঃ
স্বাধীনতা দিৱসৰ অনুষ্ঠানত ১৫ আগষ্টত লালকিল্লাৰ পৰা দিবলগীয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভাষণ এক দেশ এক ৰেচন কার্ড যোজনাৰ কথা উল্লেখ হ’ব পাৰে। সুত্র অনুযায়ী, এক দেশ এক ৰেচন কার্ড যোজনাৰ সকলো তথ্য প্রধানমন্ত্রী কার্যালয়লৈ পঠিওৱা হৈছে।
এই পর্যন্ত ২৪খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল এই যোজনাত অন্তর্ভুক্ত হৈছে। আগন্তুক দিনত আৰু যিসমূহ ৰাজ্য এই যোজনাৰ অধীনলৈ অনা হ’ব সেইবোৰ হ’ল লাক্ষাদ্বীপ, লাদাখ, তামিলনাডু, ছত্তিশগড়, দিল্লী, মেঘালয়, পশ্চিমবঙ্গ আৰু অৰুণাচল প্রদেশ।
কেন্দ্রৰ মোদী চৰকাৰে ২০২১ৰ ভিতৰত এক দেশ এক ৰেচন কার্ড যোজনা সমগ্ৰ দেশত ১০০ শতাংশ কৰাৰ লক্ষ্য ৰাখিছে। এক দেশ এক ৰেচন কার্ড যোজনা অনুযায়ী, আধাৰ লিংক কৰি ৰেচন কার্ডৰ মাধ্যমেৰে দেশৰ যিকোনো প্রান্তৰ পৰা প্রধানমন্ত্রী গৰীৱ কল্যাণ যোজনা অনুযায়ী ৰেচনৰ সামগ্ৰী পোৱা যাব।










