![]()
নিউজ ডেক্স:
দেশত ক’ৰোনাৰ গ্ৰাফ উৰ্দ্ধমুখী৷ লাডাখ সীমান্তত চীনৰ ৰঙা চকু৷ অৰ্থনীতিৰ অৱস্থা নিন্মমুখী৷ বহু সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বক লৈ প্ৰশ্ন উঠিছে৷ কিন্তু কি হ’ব? পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীকেই বিচাৰে দেশৰ বৃহৎ সংখ্যক লোকে৷
ক’ৰোনাৰ গ্ৰাফৰ দৰে মোডীৰ জনপ্ৰিয়তা বাঢ়ি আছে৷ সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সমীক্ষাত ইয়াৰে ইংগিত দিয়ে৷ ইণ্ডিয়া টুডে আৰু কাৰ্ভি ইনছাইটৰ যৌথ সমীক্ষা ‘মুড অফ দ্য নেচন’ত কৈছে যে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে বৃহৎসংখ্যক লোকৰ প্ৰথম পচন্দ নৰেন্দ্ৰ মোডী৷ এতিয়াও দেশৰ ৬৬ শতাংশ লোকে মোডীৰ নেতৃত্বত প্ৰতিকূল পৰিস্থিতিৰ মাজত আত্মনিৰ্ভৰ ভাৰত হ’ব পাৰে বুলি লক্ষ্য কৰিছে৷
আনহাতে প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয় পচন্দৰ হৈ উঠিছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী৷ তেওঁ পাইছে ৮ শতাংশ মানুহৰ সমৰ্থন৷ কংগ্ৰেছৰ বৰ্তমান সভানেত্ৰী ছোনীয়া গান্ধীয়ে পাইছে ৫ শতাংশ মানুহৰ সমৰ্থন৷ আনহাতে মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱাল আৰু উদ্ধৱ ঠাকৰেয়ে পাইছে নগণ্য সংখ্যক ভোট৷ আনহাতে এই সমীক্ষা জানুৱাৰী মাহতো চলোৱা হৈছিল৷ তেতিয়া মোডীয়ে ৫৩ শতাংশ ভোট পাইছিল৷
তেতিয়া ৰাহুলৰ ভাগ্যত আছিল ১৩ শতাংশ ভোট৷ ইয়াৰ পৰা দেখা যায় যে যোৱা কেইটামাহত ক’ৰোনা পৰিস্থিতিৰ মাজতো মোডীৰ জনপ্ৰিয়তা আগৰ তুলনাত বাঢ়িছে৷ ৰাহুলৰ আক্ৰমণে কাম কৰা নাই সেই কথা প্ৰতিপন্ন হৈছে৷ উল্লেখ্য যে এই সমীক্ষা মতেই মুখ্যমন্ত্ৰীৰ পদত বহিছিল যোগী আদিত্যনাথ৷ তেতিয়া যোগীৰ সপক্ষে ২৪ শতাংশ ভোট পৰিছিল৷ ইয়াৰ বিপৰীতে সাতজন মুখ্যমন্ত্ৰীৰ মাজত ছজন অকংগ্ৰেছী আৰু অবিজেপিয়ে পাইছিল ১৮ শতাংশ৷










