![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কোভিড-১৯ত আক্রান্ত হৈ মৃত্যু হােৱা লােকৰ সংখ্যা ৰাজ্যখনত বৃদ্ধি পাবলৈ লােৱাৰ সময়তে আজি পাহাৰীয়া জিলা কার্বি আংলঙত পুনৰ আন এগৰাকী কোভিড আক্রান্ত লােকৰ মৃত্যু হয়। নিহত লােকজন জিলাখনৰ ফুলনিৰ অনন্ত বৰা (৫৬) বুলি জানিব পৰা গৈছে।
উল্লেখযােগ্য যে, ফুলনিস্থিত ৰাজহ চক্র বিষয়াৰ কার্যালয়ত এখন কেন্টিন খুলি জীবিকা নির্বাহ কৰি অহা অনন্ত বৰা নামৰ লােকজন বিগত সময়ছােৱাত হাপানী ৰোগত আক্রান্ত হৈ আহিছিল। শেহতীয়াকৈ শাৰীৰিক অসুস্থতাত ভূগি থকা অনন্ত বৰাই ফুলনিৰ স্থানীয় চিকিৎসালয়ত চিকিৎসা গ্রহণ কৰি আছিল যদিও কালি বৰাৰ স্বাস্থ্যৰ অবনতি ঘটাত লগে লগে ডিফু চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্রেৰণ কৰা হয়।
চিকিৎসাধীন অৱস্থাতে নিশা আক্রান্ত লােকজনৰ মৃত্যু হয়। ইফালে, অসুস্থ লােকজনৰ ৰেপিড এন্টিজেন টেষ্ট কৰোৱাতত লােকজন কোভিড-১৯ত আক্রান্ত হােৱাটো নিশ্চিত হয়। ইয়াকে লৈ পাহাৰীয়া জিলাখনত কোভিড আক্রান্ত হৈ মৃত্যু হােৱা লােকৰ সংখ্যা ছজনলৈ বৃদ্ধি পাইছে।













