![]()
নিউজ ডেস্কঃ
এইবাৰ ইউৰোপৰ সবাতোকৈ ধনী ব্যৱসায়ী ফ্রান্সৰ বার্নার্ড আর্নল্টক পিছ পেলাই বিশ্ব তালিকাত চাৰি নম্বৰলৈ উন্নীত হ’ল মুকেশ আম্বানী। তিনি সপ্তাহ পূৰ্বেই মার্কিন ধনকুবেৰ ৱাৰেন বাফেটক চেৰাই বিশ্বৰ ধনীসকলৰ তালিকাত ৰিলায়েন্স ইন্ডাস্ট্রিজৰ কর্ণধাৰগৰাকী পাঁচ নম্বৰলৈ উন্নীত হৈছিল। শনিবাৰে পুনৰ তেওঁৰ উত্তৰণ ঘটে!
ব্লুমবার্গ বিলিঅনিয়াৰ সূচকে জনোৱা মতে, চলিত বছৰত মুকেশ আম্বানীৰ উদ্যোগগোষ্ঠীৰ সংগৃহীত সম্পদৰ মুঠ পৰিমাণ প্রায় ২,২০০ কোটি ডলাৰ। আৰু সম্পত্তিৰ মুঠ পৰিমাণ প্রায় ৮,০৬০ কোটি ডলাৰ। কৰোনা পৰিস্থিতিৰ কেইবা মাহ পিছৰ পৰা তেলৰ চাহিদা বৃদ্ধিৰ কাৰণেই মুকেশ আম্বানীৰ ইন্ধন সাম্রাজ্যৰ শ্বেয়াৰ বৃদ্ধি পাইছে। তেওঁৰ কোম্পানীত ডিজিটেল ইউনিটত ফেচবুক, গুগলসহ বিভিন্ন কোম্পানীৰ বিনিয়োগো দ্রুতভাৱে বৃদ্ধি পাইছে। আৰু সেয়ে সম্পত্তিৰ দৌৰত ক্রমশ আগুৱাই গৈছে তেওঁ।
ফোর্বছ ‘ৰিয়েল টাইম বিলিঅনিয়াৰ্ছ লিষ্ট’ অনুযায়ী জুলাই মাহৰ তৃতীয় সপ্তাহত মুকেশৰ কোম্পানীৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল চাৰে সাত হাজাৰ কোটি মার্কিন ডলাৰ। তেওঁৰ ওপৰতে আছিল ফেচবুক-ৱাটছএপৰ কর্ণধাৰ মার্ক জুকাৰবার্গ। তেওঁৰ সম্পত্তি ৮ হাজাৰ ৯০০ কোটি মার্কিন ডলাৰ। ১৮ হাজাৰ ৫৮০ কোটি মার্কিন ডলাৰ সম্পত্তিৰ মালিক এমাজনৰ কর্ণধাৰ জেফ বেজোছ তালিকাৰ শীর্ষত আছিল।
উক্ত তালিকাত দ্বিতীয় আৰু তৃতীয় স্থানত আছিল যথাক্রমে বিল গেটছ আৰু আর্নল্ট তথা তেওঁৰ পৰিয়াল। বিল গেটছ ১১ হাজাৰ ৩১০ কোটি মার্কিন ডলাৰৰ মালিক। আর্নল্ট পৰিয়ালৰ সম্পত্তি ১১ হাজাৰ ২০০ কোটি মার্কিন ডলাৰৰ। আৰু মুকেশৰ তলত থকা ৱর্কশ্বায়াৰ হেথৱেৰৰ কর্ণধাৰ ৱাৰেন বাফেটৰ সম্পত্তিৰ পৰিমাণ আছিল ৭,২৭০ কোটি মার্কিন ডলাৰ।
ব্লুমবার্গ বিলিঅনিয়াৰ সূচকে জনাইছে, বিশ্বৰ ‘টেক জায়েন্ট’সকল ক্রমশ ভাৰতৰ ডিজিটেল বজাৰৰ প্রতি আকৃষ্ট হোৱাত মুকেশ আম্বানীয়ে তেওঁৰ দৃষ্টি ক্রমশ ঘূৰাইছে ই-কমাৰ্ছৰ দিশে। যিয়ে ভৱিষ্যতে তেওঁক আৰু আগুৱাই নিব পাৰে।










