![]()
নিউজ ডেক্স:
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ ডেমক্ৰেটিক দলৰ প্রতিদ্বন্দ্বী জো বাইডেনক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ডোনাল্ড ট্ৰাম্পে৷ মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে তেওঁৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী বাইডেন আৰু চীনক একেলগ কৰি লৈছে৷ বাইডেনক ‘নিদ্ৰা’ত থাকে বুলি ট্ৰাম্পে আখ্যা দিছে৷
ইয়াৰ লগতে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, নিদ্ৰাৰত বাইডেনক হাতত ৰাখি চীনে মোক হৰুৱাবলৈ চাইছে৷ বাইডেন জিকিলে আমেৰিকাক প্ৰকৃততে বেইজিঙে নিয়ন্ত্ৰণ কৰিব৷ ই-মেইল যোগে ভোট হ’লে চীন, ৰাছিয়া, ইৰান, উত্তৰ কোৰিয়াৰ দৰে দেশে হস্তক্ষেপ কৰিবলৈ চাব বুলি ট্ৰাম্পে কয়৷ নিৰ্বাচনত ৰিগিঙৰ দৰে ঘটনা হ’ব পাৰে বুলি তেওঁ আশংকা কৰে৷
তেওঁৰ পৰিষ্কাৰ কথা, জো বাইডেন ৰাষ্ট্ৰপতি হ’লে সমগ্ৰ আমেৰিকাক নিয়ন্ত্ৰণ কৰিবলৈ চীনৰ বাবে অতি সহজ হ’ব৷ আনহাতে বেইজিঙে সেইটোকে কৰিবলৈ সকলো সময়তে বিচাৰি আছে৷ ট্ৰাম্পৰ মতে, ৰাষ্ট্ৰপতিৰ গাডীত কোনো ডেমক্ৰেটিক বহিলে দেশ শাসন কৰিব চীনে৷ একেদৰে ইৰান চৰকাৰেও একেখন হাতকে দিছে৷ ট্ৰাম্পৰ মতে ইৰানে বাইডেন জয়ী হোৱাটো বিচাৰে৷










