![]()
নিউজ ডেস্কঃ
অৱশেষত বহু জল্পনা-কল্পনাত যেন চেঁচা পানী পৰিল। কিয়নো স্বাধীনতা দিৱসৰ পূৰ্বে বহু প্ৰত্যাশিত নগা চুক্তি স্বাক্ষৰিত হ’ব বুলি বিভিন্ন পক্ষই আশা কৰিছিল যদিও এতিয়া সেই আশা নিৰ্বাপিত হৈছে। ফলত নগা সমস্যা সমাধানৰ এক ঐতিহাসিক দলিল হিচাপে বিবেচিত হ’বলগা এই চুক্তি স্বাক্ষৰিত হোৱালৈ পুনৰ অপেক্ষা কৰিব লাগিব নগা বিদ্ৰোহী সংগঠন তথা নগা জনসাধাৰণে।

উল্লেখ্য, নগা বিদ্ৰোহী সংগঠন এনএছচিএন-আইএম গোট আৰু ভাৰত চৰকাৰৰ মাজত শনিবাৰে নতুন দিল্লীত আছিল নগা শান্তি আলোচনাৰ অন্তিমখন বৈঠক। কিন্তু নগা শান্তি চুক্তি চূড়ান্ত হ’বলগীয়া উক্ত গুৰুত্বপূৰ্ণ বৈঠকখন মূৰকত বাতিল কৰা হয়।
এনএছচিএনৰ শীৰ্ষ সূত্ৰৰ মতে, উক্ত শান্তি আলোচনাৰ ভাৰত চৰকাৰৰ মধ্যস্ততাকাৰী আৰএন ৰবি আৰু এন এছচিএনৰ মুৰব্বী থুইংগালেং মুইভা নেতৃত্বাধীন সামূহিক গোট নতুন দিল্লীত সময়মতে উপস্থিত হ’ব নোৱাৰাৰ বাবে উক্ত বৈঠক বাতিল কৰা হয়। এতিয়া ১৫ আগষ্টৰ পৰৱৰ্তী এটা দিনত পুনৰ বৈঠকখন অনুষ্ঠিত হোৱাৰ আশা কৰা হৈছে। উক্ত বৈঠকতে সাত দশকজোৰা বহু প্ৰতীক্ষিত চূড়ান্ত নগা চুক্তি স্বাক্ষৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
উল্লেখ্য যে উক্ত চুক্তিৰ দুটা গুৰুত্বপূৰ্ণ বিষয় নাগালিমৰ বাবে সুকীয়া পতাকা আৰু সংবিধান সম্পৰ্কত ভাৰত চৰকাৰ আৰু এনচিএনৰ মাজত নিস্পত্তি হ’বলৈ বাকী আছে। আনহাতে, বাকী বিষয়সমূহত দুয়ো পক্ষ সহমতত উপনীত হৈ ইতিমধ্যে চুক্তিৰ চূড়ান্ত খচৰা প্ৰস্তুত কৰিছে।













