![]()
নিউজ ডেস্কঃ
এক দেশ এক ৰেচন কার্ডৰ পিছত এইবাৰ মোদী চৰকাৰে এক দেশ এক হেলথ কার্ডৰ যোজনা আৰম্ভ কৰাৰ প্রস্তুতি চলাইছে। সুত্র অনুযায়ী, ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানতে লালকিল্লাৰ পৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই যোজনা ঘোষণা কৰিব পাৰে।
উল্লেখ্য, চৰকাৰে সমগ্ৰ দেশবাসীৰ বাবে স্বাস্থ্য ৰেকর্ড ডিজিটেল কৰাৰ প্রস্তুতি লৈছে। আৰু এই কাৰণেই এই প্রকল্প আৰম্ভ কৰা হ’ব। এই প্রকল্প অনুযায়ী, দেশৰ প্রতিজন ব্যক্তিৰ এতিয়া পর্যন্ত হোৱা চিকিৎসা আৰু আগন্তুক দিনত হ’বলগা চিকিৎসাৰ তথ্য এটা স্থানতে পোৱা যাব।
ইয়াৰ সকলোতকৈ ডাঙৰ সুবিধা হ’ব, আপুনি দেশৰ যিকোনো হস্পিটেল আৰু ডাক্তৰৰ ওচৰলৈ চিকিৎসাৰ বাবে গ’লে আপুনি চিকিৎসাৰ সকলো কাগজ-পত্র আৰু পৰীক্ষাৰ ৰিপোর্ট লৈ যাব নালাগে। কেৱল আপুনি ইউনিক আইডি ক’ব লাগিব, আৰু ডাক্তে আপোনাৰ প্রথমৰ পৰা শেষ পর্যন্ত সকলো মেডিকেল ৰিপোর্ট চাবলৈ পাৰিব।
উল্লেখ্য, এই প্রক্রিয়াক সফল কৰিবৰ বাবে সকলো হস্পিটেল, নাৰ্ছিং হোম, ক্লিনিককেই এটি কেন্দ্ৰীয় ছার্ভাৰৰ সাথে লিংক কৰা হ’ব। ইয়াৰ পিছত এই যোজনাক লাহে লাহে সমগ্ৰ দেশত আৰম্ভ কৰি দিয়া হ’ব। আনহাতে, চৰকাৰে এই যোজনাৰ সুবিধা লোসাৰ সিদ্ধান্ত জনসাধাৰণৰ ওপৰতেই এৰি দিব, তেওঁলোকে প্ৰয়োজন হ’লে এই প্রকল্পৰ অধীনলৈ আহিব পাৰে, অথবা নাহিবও পাৰে।
চৰকাৰে নিজৰ বক্তব্যত পৰিষ্কাৰকৈ কৈছে যে, আধাৰ কার্ডৰ ভিত্তিত হেলথ কার্ড বনোৱাৰ প্ৰস্তাৱ কৰা হ’ব। কিন্তু এই প্রকল্প গ্ৰহণৰ বাবে কোনো বাধ্য নাথাকিব। এই প্রকল্পৰ সৈতে সংযুক্ত হোৱা-নোহোৱাটো সম্পূর্ণ নিজৰ ওপৰত নির্ভৰ কৰিব।










