![]()
নিউজ ডেস্ক:
কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ হস্পিটেলত কৰোনাৰ পৰীক্ষা হোৱা নাই। আৰু তেওঁ এতিয়াও কৰোনাৰ সংক্রমণৰ পৰা সম্পূর্ণ সুস্থ হৈ উঠা নাই। কেন্দ্রীয় গৃহ মন্ত্রালয়ে এই কথা জনাইছে।
ইয়াৰ লগতে গৃহ মন্ত্ৰালয়ে ট্যুইট কৰি বিজেপিৰ সাংসদ তথা দিল্লী বিজেপিৰ প্রাক্তন সভাপতি মনোজ তিৱাৰীৰ দাবী নাকচ কৰিছে। উল্লেখযোগ্য যে দিই, মনোজ তিৱাৰীয়ে দাবী কৰিছিল যে, অমিত শ্বাহৰ ৰিপোর্ট নেগেটিভ আহিছে।
মনোজ তিৱাৰীৰ সেই ট্যুইট চাৰিওফালে ভাইৰেল হৈ যায়। প্রতিটো সংবাদ মাধ্যমেই এই খবৰ প্রকাশ কৰে যে, অমিত শ্বা সুস্থ হৈছে।
এই খবৰ চাৰিওফালে বিয়পি পৰাৰ পিছত গৃহ মন্ত্রালয়ৰ এক বিষয়াই স্পষ্ট কৰে যে, এই পর্যন্ত অমিত শ্বাহৰ কৰোনা পৰীক্ষাই কৰা হোৱা নাই। সেয়ে তেওঁৰ ৰিপোর্ট নেগেটিভ অহাটো অসম্ভৱ। ইয়াৰ পিছতে মনোজ তিৱাৰীয়ে নিজৰ ট্যুইট ডিলিট কৰে।










