![]()
নিউজ ডেস্ক:
দেশৰ উন্নতি কৰিবলৈ হ’লে কৃষি আন্তঃগাঁঠনিৰ উন্নয়ন প্রয়োজন। এই কথা উল্লেখ কৰি আহিছে প্রধানমন্ত্রী নৰেন্দ্র মোদিয়ে। এইবাৰ কৃষি আন্তঃগাঁঠনি উন্নয়নৰ বাবে এক লাখ কোটি টকা আবন্টন কৰিলে কেন্দ্রই। দেওবাৰে ভাৰ্চুৱেল কনফাৰেন্সৰ মাধ্যমেৰে কৃষকৰ বাবে নতুন প্রকল্প ‘কৃষি আন্তঃগাঁঠনি পুঁজি’ৰ উদ্বোধন কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদিয়ে।

এই অর্থ সাহায্যত কৃষকসকলে ফচল সংৰক্ষণৰ বাবে কেল্ড স্টোৰেজসহ একাধিক অত্যাধুনিক ব্যৱস্থা কৰিব পাৰিব। ফলত দেশৰ কৃষিত বিপ্লব আহিব বুলি আশা প্রধানমন্ত্রীৰ। কিন্তু প্ৰত্যক্ষ কোনো আর্থিক সাহায্য নহয়, বৰং ঋণৰ মাধ্যমেৰে কৃষকসকলে এই ধন পাব।
আজি নাবার্ডৰ একাধিক কর্মকর্তাৰ সৈতে ভাৰ্চুৱেল বৈঠক কৰে প্রধানমন্ত্রীয়ে। তাৰ পৰাই এক লক্ষ কোটি টকাৰ পুঁজিৰ আনুষ্ঠানিক উদ্বোধন কৰে নৰেন্দ্র মোদিয়ে। বিভিন্ন বেংকৰ মাধ্যমেৰে এই ধন কৃষকসকলে ঋণ হিচাপে লব পাৰিব।
নাবার্ডৰ সৈতে ইয়াকে লৈ বিভিন্ন ৰাষ্ট্ৰীয় বেংকৰ বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হৈছে। প্রধানমন্ত্রীৰ কিষাণ যোজনাৰেই অন্তর্গত এই পুঁজি। লগতে আজি প্রধানমন্ত্রী কিষাণ সম্মাননিধি যোজনাৰ ষষ্ঠ কিস্তিৰ ধনো নাবার্ডৰ একাউন্টলৈ পঠোৱা হয়। প্রধানমন্ত্রীৰ দপ্তৰৰ সূত্র মতে, এই যোজনাৰ মাধ্যমেৰে সমগ্ৰ দেশৰ প্রায় ১০ কোটি কৃষকে আর্থিক সুবিধা পায়। এই ক্ষেত্রত ৭৫ হাজাৰ কোটি টকা খৰচ হয় বুলিও দাবী কৰা হৈছে।










