![]()
নিউজ ডেস্কঃ
যোধপুৰত এটা পৰিয়ালৰ ৰহস্যজনক মৃত্যু। ১১ জন সদস্যৰ মৃতদেহ পোৱা গৈছে পথাৰত। পাকিস্তানৰ পৰা অহা এই শৰনাৰ্থী পৰিয়ালটোৰ মৃত্যুয়ে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত।
আৰক্ষীৰ তথ্যনুসৰি, পৰিয়ালটোৰ এজন সদস্যক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে; তেওঁলোক যোধপুৰৰ দেচু অঞ্চলৰ লোডটা গাঁৱত বাস কৰিছিল।
কোনো দুবৃৰ্ত্তই নিশাৰ ভাগত এই সমগ্ৰ ঘটনা সংঘটিত কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে যদিও আটাইকেইজনে ৰাসায়নিক দ্ৰব্য সেৱন কৰিহে আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে।










