![]()
নিউজ ডেস্কঃ
গুজৰাটৰ আহমেদাবাদৰ পিছত এইবাৰ অন্ধ্রপ্রদেশৰ বিজয়ৱাৰা চহৰত সংঘটিত হ’ল এক ভয়াৱহ অগ্নিকান্ড। ক’ৰোনা কেন্দ্ৰৰূপে ব্যৱহাৰ কৰা এখন হোটেলত অকস্মাতে জুই লাগে। ফলত ইতিমধ্যেই প্রাণ হেৰুৱাইছে ১১ জনে আৰু উদ্ধাৰ কৰা হৈছে ৩০ জনক।
সূত্র মতে, হোটেলখনত চিকিৎসাধীন হৈ আছিল ৩০জন ক’ৰোনা ৰোগী। কর্মচাৰী মিলি হোটেলত প্রায় ৫০ জন আছিল।এই অগ্নিকাণ্ডৰ বাবে মুখ্যমন্ত্রী জগন মোহন ৰেড্ডিয়ে শোক প্রকাশ কৰিছে। লগতে তদন্তৰ নির্দেশ দিছে। তেওঁ ঘোষণা কৰিছে, এই অগ্নিকান্ডত প্রাণ হেৰুওৱাসকলৰ প্রত্যেকেৰে পৰিয়ালক ৫০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া হ’ব।










