![]()
নিউজ ডেক্স:
২১ শতিকাৰ প্রথম দশক অতিক্ৰম কৰি দ্বিতীয় দহকত উপস্থিত হৈও মানুহে এতিয়াও গুজবত কিমান আকৃষ্ট সেই কথা প্রমাণিত হ’ল উত্তৰ প্রদেশত। তাত এক মৃত লোক পুনৰ জীৱিত হৈ উঠাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷
জানিব পৰা মতে, উত্তৰপ্রদেশেক কুশীনগৰ অন্তর্গত ৰামঘাটত এজন মৃত ব্যক্তি জীৱিত হৈ উঠা ঘটনাৰ কেন্দ্র কৰি গুজব ওলায়। ৭০ বছৰ বয়সীয়া শ্রীকৃষ্ণ মাদেছিয়া স্ট্র’ক আৰু শ্বাসকষ্ট লৈ চিকিৎসালয়ত ভর্তি হৈছিল৷ শনিবাৰ পুৱা তাত তেওঁৰ দেহাৱসান ঘটে৷

চিকিৎসালয়ৰ পৰা পৰিয়ালৰ লোকে মৃতদেহলৈ শ্মশানলৈ যায়৷ তাত তেওঁৰ মৃতদেহ দাহ কৰাৰ সময়ত হেনো মৃতক জীয়াই উঠে৷ পৰিয়ালৰ সূত্ৰে দাবী কৰা অনুসৰি মৃতদেহ জ্বলাবলৈ চিতা সজাই মৃতকৰ মুখত পানী দিয়া হয়, তেতিয়া মৃতক জীয়াই আছিল৷ তৎক্ষণাৎ পৰিয়ালৰ লোকে এম্বুলেন্স আৰু এজন বেচৰকাৰী চিকিৎসকক মাতি পঠায়৷ চিকিৎসকে জনোৱা অনুসৰি মৃত লোকজন সেই সময়ৰ পৰা তিনি ঘণ্টা পূৰ্বেই মৃত্যু হৈছিল৷
আনকি তেওঁৰ পচিবলৈ আৰম্ভ হৈছিল৷ যদিও মৃতদেহৰ জীয়াই উঠাৰ গুজব চাৰিওফালে বিয়পি পৰে৷ সামাজিক দূৰত্ব পাহৰি শ শ মানুহ সেই ঠাই ভৰি পৰে৷ পৰবর্তী সময়ত প্রশাসনৰ তৰফৰ পৰা সকলোকে ছেনিটাইজ কৰি ঘৰলৈ ওভতাই পঠোৱা হয়৷










