![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ক’ৰোণাত আক্ৰান্ত হ’ল অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। সোমবাৰে হোৱা ৰেপিড এণ্টিজেন টেষ্টত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ দেহত ধৰা পৰে ক’ৰোণাৰ অৱস্থিতি। দেওবাৰৰ পৰা তেওঁ জ্বৰ আৰু কাহঁত আক্ৰান্ত হৈ আছিল।
বৰ্তমান হোম আইছলেছনত আছে ভাস্কৰজ্যতি মহন্ত।বাসভৱনত থকা সকলো নিৰাপত্তৰক্ষীৰো কোভিড টেষ্ট কৰা হৈছিল।ভাস্কৰ জ্যোতি মহন্তৰ লগতে তেওঁৰ গাড়ীচালকৰ দেহত ক’ৰোনা অৱস্থিতি পোৱা গৈছে।আৰক্ষী সঞ্চালক প্ৰধান মহন্তৰ শৰীৰত ক’ৰোণা ধৰা পৰাৰ পিছতে এতিয়া আতংকিত হৈ পৰিছে সকলো।













