![]()
নিউজ ডেস্কঃ
সুশান্ত সিং ৰাজপুত মৃত্যুৰ তদন্তত নতুন মোৰ।বিস্ফোৰক তথ্য প্রকাশ কৰিলে এম্বুলেন্স চালকে। সুশান্তৰ মৃতদেহ তেওঁৰ বান্দ্রাৰ ফ্লেটৰ পৰা এইগৰাকী এম্বুলেন্স চালকে লৈ গৈছিল হস্পিটেললৈ। তেওঁৰ দাবী, এম্বুলেন্সত সুশান্ত জীৱিত আছিল।
এটি বৈদ্যুতিন চেনেলত তেওঁ জনায়, যিসকলে সুশান্তৰ মৃতদেহ লৈ যোৱাৰ বাবে তেওঁক ফোন কৰিছিল তেওঁলোকে ফোনত অশ্রাব্য ভাষাত কথা কৈছিল। তেওঁৰ দাবী, এম্বুলেন্সত তোলাৰ সময়ত সুশান্ত জীৱিত আছিল। তেওঁ দেখিছিল, অভিনেতাগৰাকীৰ দেহ হালধীয়া হৈ গৈছিল। চালকজনৰ দাবী, সাধাৰণতে আত্মহত্যা কৰিলে মৃতদেহৰ শৰীৰ সম্পূৰ্ণ হালধীয়া হৈ নাযায়।
এম্বুলেন্সৰ চালক অক্ষয় ভান্ডগৰৰ প্রশ্ন, “যিগৰাকী মানুহে আত্মহত্যা কৰিছে তেওঁৰ ভৰি ভাঁজ খাই থাকিব কিয়?” তেওঁ জনেৱা মতে, সুশান্তৰ ভৰিৰ বিভিন্ন স্থানত থেতেলা খোৱাৰ দৰে আঘাত দেখিছিল।
তেওঁৰ লগতে প্রশ্ন : আত্মহত্যা কৰিলে এই দাগ কিয় থাকিব? এম্বুলেন্সৰ চালক অক্ষয়ৰ এই বক্তব্যই সুশান্তৰ মৃত্যুৰ তদন্তত নিঃসন্দেহে উত্তাপ বঢ়াব। ভান্ডগৰে জনায়, এম্বুলেন্সত আত্মহত্যা কৰা বহু মানুহৰ মৃতদেহ তেওঁ দেখিছে। সেই অভিজ্ঞতাৰ ওপৰত নির্ভৰ কৰিয়েই তেওঁৰ ভাব হৈছে এই মৃত্যু আত্মহত্যা নহয়।
সুশান্ত সিং ৰাজপুতৰ মৃতদেহ নমাই দি অহাৰ পিছৰ পৰাই তেওঁ ফোনত ভাবুকি পাইছিল বুলি পূৰ্বতেই মুম্বাইৰ সংবাদ মাধ্যমক জনাইছিল তেওঁ। কেতিয়া বা কোনে তেওঁক ভাবুকি দিছিল, তাক নজনালেও এটি আন্তর্জাতিক নম্বৰৰ পৰা ক্রমাগত ফোন কৰা হৈছিল তেওঁক।
কিছু দিন পূৰ্বে সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত মুখ খোলে অক্ষয় ভান্ডগৰে। য’ত তেওঁ দাবী কৰে, সুশান্তৰ মৃতদেহ পৰিবহণৰ বাবে মুম্বাই আৰক্ষীৰ তৰফৰ পৰা ফোন কৰা হয় তেওঁক। আৰক্ষীৰ ফোন পাই সুশান্তৰ মৃতদেহ নিজৰ এম্বুলেন্সত নিয়ে।
সেয়ে নেটিজেনৰ একাংশৰ মন্তব্য, সুশান্ত জীৱিত বুলি জানিও তেওঁলোকে তেওঁক বচোৱাৰ চেষ্টা নকৰিলে কিয়? আৰক্ষীয়েও দেখিছিল, অভিনেতাগৰাকীৰ আঙুলি লৰা। তৎসত্ত্বেও কিয় তেওঁৰ মুখত চাদৰ জাপি দিয়া হ’ল?এম্বুলেন্স চালকগৰাকীৰ এই নতুন দাবীয়ে সুশান্তৰ তদন্তত এইবাৰ অন্য এক মাত্রা সংযোগ কৰালে।










