![]()
নিউজ ডেক্স:
গালৱান উপত্যকাত ২০ জন ভাৰতীয় সেনা শ্বহীদ হোৱাৰ পাচত দেশত চীনা সামগ্ৰী বৰ্জনৰ আহ্বান দিয়া হৈছিল৷ এই দিশত গুৰুত্ব আৰোপ কৰি টাইটেল স্পনছৰ হিচাপে ইতিমধ্যে আইপিএলৰ পৰা নাম আঁতৰ হ’ল চীনা ম’বাইল ফোন কোম্পানী ভিভ’ৰ৷
ভিভ’ৰ ঠাইত আইপিএলৰ বাবে বিচিচিআই-এ নতুন টাইটেল স্পনছৰ বিচাৰি থকাৰ সময়তে মেগা টুৰ্ণামেণ্টখনৰ টাইটেল স্পনছৰ হ’বৰ বাবে হৰ্থাৎ দৌৰত নামিল ‘পতঞ্জলি’। যোগ গুৰু বাবা ৰামদেৱৰ এই কোম্পানীৰ মুখপাত্ৰ এছ কে তিজাৰাৱালাই এইবাৰ আইপিএলত আমি টাইটেল স্পনছৰ হ’ব বিচৰা কথাটো কয়৷
সমগ্ৰ বিশ্বত ‘পতঞ্জলি’ ব্ৰেণ্ডৰ বজাৰ সৃষ্টি কৰাই তেওঁলোকৰ লক্ষ্য৷ আইপিএলৰ সৈতে ‘পতঞ্জলি’ৰ নাম জড়িত হ’লে কোম্পানীটোৰ নাম সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ হ’ব৷ সেই কথাত গুৰুত্ব দি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক প্ৰস্তাৱ দিয়াৰ কথা চিন্তা কৰা হৈছে বুলি জনায় তিজাৰাৱালাই৷










