![]()
নিউজ ডেস্কঃ
অভিনেত্রী ৰিয়া চক্ৰৱৰ্তীয়ে ছুপ্রিম কোর্টত হলফনামা দি জনাইছে, তেওঁক ‘ৰাজনীতিৰ বলিৰ পঠা’ সজোৱাৰ চেষ্টা কৰা হৈছে। ৰিয়াৰ অভিযোগ, সুশান্তৰ মৃত্যুৰ পিছত কোনো চক্রান্তৰ তথ্য এতিয়ালৈও পোহৰলৈ নাহিলেও সংবাদ মাধ্যমে ইতিমধ্যেই তেওঁক দোষী সাব্যস্ত কৰি পেলাইছে।
সুশান্তৰ মৃত্যুত চিবিআই তদন্তৰ বিষয়ক লৈ আজি ছুপ্রিম কোর্টত শুনানি আছেছে। তাৰ পূৰ্বে শীর্ষ আদালতত ৰিয়াৰ আর্জি, তদন্তৰ দায়িত্ব চিবিআইক দিয়াৰ ক্ষেত্ৰত শীর্ষ আদালত যদি সন্মতত হয়, তেতিয়াহ’লেও পাটনা নহয়, তদন্ত মুম্বাইৰ আদালতৰ অন্তৰ্ভুক্ত কৰা হওক।
আনহাতে, ৰিয়াৰ হলফনামাত কোৱা হৈছে, সুশান্তৰ মৃত্যুৰ ঘটনা যিহেতু মুম্বাইত ঘটিছে, সেয়ে চিবিআই তদন্তৰ বাবে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ আর্জি আইনসঙ্গত নহয়। কাৰণ, য’ত অপৰাধৰ ঘটনা ঘটিছে, সংশ্লিষ্ট ৰাজ্য চৰকাৰ কিম্বা আদালতে বিচাৰিলেহে চিবিআই তদন্ত হ’ব পাৰে।
কিন্তু এই ক্ষেত্রত কোনোটোৱেই ঘটা নাই। মহাৰাষ্ট্র চৰকাৰেও চিবিআই তদন্তৰ বিৰোধিতা কৰিছে বুলি জনাইছে। ৰিয়াৰ দাবী, সুশান্তৰ দুঃখজনক মৃত্যুৰ ঘটনাক লৈ বিহাৰত নিৰ্বাচনৰ পূৰ্বে বিৰাট ডাঙৰ হৈ-চৈ আৰম্ভ হৈছে। জানিব পৰা মতে, পাটনাত তেওঁৰ বিৰুদ্ধে এফআইআৰৰ পিছতো মুখ্যমন্ত্রী নীতিশ কুমাৰৰ হাত আছে।
তেওঁৰ বিৰুদ্ধে মিডিয়া ট্রায়ৌল চলিছে বুলি অভিযোগ আনি হলফনামাত টু-জি কেলেঙ্কাৰি আৰু আৰুচি হত্যাৰ প্রসঙ্গ টানি আনিছে ৰিয়াই। আনহাতে, সুশান্তৰ মৃত্যু-বিতর্কত জড়িত হৈ পৰিছে শিৱসেনা সাংসদ সঞ্জয় ৰাউত।
দলৰ মুখপত্রত তেওঁ লিখিছে, পিতৃৰ দ্বিতীয় বিবাহৰ কাৰণে সুশান্ত মানসিক চাপত আছিল। পৰিয়ালৰ সৈতে অভিনেতাগৰাকীৰ ভাল সম্পর্ক নাছিল। ইয়াৰ পিছতেই সুশান্তৰ আত্মীয় তথা বিহাৰৰ বিজেপি বিধায়ক নীৰজ কুমাৰ সিঙে কয়, ৰাউতে ক্ষমা নিবিচাৰিলে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰা হ’ব।










