![]()
নিউজ ডেক্স:
নিউয়ৰ্কৰ টাইম স্কোৱাৰত ১৫ আগষ্টত ভাৰতৰ জাতীয় পতাকা উৰিব৷ আমেৰিকাৰ এটা প্ৰৱাসী ভাৰতীয় সংগঠন ফেডাৰেছন অব ইণ্ডিয়ান এছ’চিয়েছনৰ উদ্যোগত সেইদিনা জাতীয় পতাকা উৰিব৷
সংগঠনটোৰ এক বিবৃতিত প্ৰকাশ যে ২০২০ চনৰ ১৫ আগষ্টত ইতিহাস সৃষ্টি হ’বলৈ গৈছে৷ ঐতিহাসিক টাইম স্কোৱাৰত এইবাৰ স্বাধীনতা দিৱসৰ দিনা প্ৰথম ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হ’ব৷ ইয়াত মুখ্য অতিথি হিচাপে থাকিব নিউয়ৰ্কৰ ভাৰতীয় কনচাল জেনেৰেল ৰণধীৰ জয়ছোৱাল৷










