![]()
নিউজ ডেস্কঃ
বাবৰি মছজিদৰ বাবে ভূমি দান কৰিব বিচাৰি ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদিলৈ পত্ৰৰ মাধ্যমেৰে আবেদন জনাইছে উর্দু কবি মুনাৱাৰ ৰাণাই। উত্তৰ প্রদেশৰ ৰায়বেৰেলিত চাই নদীৰ পাৰত চাৰে পাঁচ একৰ ভূমি মছজিদৰ বাবে দান কৰিব বিচাৰিছে কবিগৰাকীয়ে।
তেওঁৰ পুত্ৰ তাবৰেজ ৰাণাৰ নামত আছে ভূমি টুকুৰা। তেওঁ কয়, বাবৰি মছজিদৰ বাবে ধানিপুৰ গাঁৱত যি পাঁচ একৰ ভূমি চৰকাৰে অনুমোদন জনাইছে তাত ৰামৰ পিতৃ ৰজা দশৰথৰ নামত এখন হস্পিটেল নির্মাণৰ বাবে ব্যৱহাৰ কৰা উচিত। এই প্ৰসংগত প্রধানমন্ত্রীলৈ দুই পৃষ্ঠাৰ পত্ৰ প্ৰেৰণ কৰিছে কবিগৰাকীয়ে। ইয়াৰ উপৰি সম্পত্তি ৰক্ষার্থে মুছলিমসকলৰ বাবে পৃথক ৱাকফ বোর্ড সৃষ্টিৰ কথাও তেওঁ কয়।
কবিগৰাকীয়ে কয় যে মছজিদৰ বাবে যি স্থান চৰকাৰে দিছে সেয়া ধনিয়াপুৰৰ পৰা দূৰৈৰ এক প্রত্যন্ত অঞ্চলত। হিন্দু আৰু মুছলিমসকলৰ মাজত দ্বন্দ্ব সৃষ্টি নকৰাকৈ উক্ত ভূমিত ৰজা দশৰথ হস্পিটেল নিৰ্মাণ কৰা উচিত।
তেওঁ লগতে কয়, কোনো অৱস্থাতেই মছজিদ চৰকাৰী বা জোৰ কৰি দখলকৃত ভূমিত মছজিদ নিৰ্মাণ হ’ব নোৱাৰে। তাৰ লগতে কবি মুনাৱাৰ ৰাণাই দাবী কৰে, ৰায়বেৰেলি ঐতিহাসিক, সাংস্কৃতিক আৰু ধর্মীয় গুৰুত্বৰ চহৰ।










