![]()
নিউজ ডেস্ক:
লেবাননৰ ৰাজধানী চহৰ বেইৰুটত যি ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল তাৰ প্ৰাথমিক কাৰণ হিচাপে মজুত কৰি ৰখা ৰাসায়নিক পদাৰ্থ বুলি চৰকাৰে ঘোষণা কৰিছিল আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

কিন্তু ভয়ংকৰ বিস্ফোৰণৰ প্ৰায় ১০ দিন উকলি যোৱাৰ পিছতো চৰকাৰে ইয়াৰ সঠিক কাৰণ বিচাৰি উলিয়াব পৰা নাই। ফলত বিস্ফোৰণৰ ঘটনাৰ প্ৰকৃত কাৰণ ব্যাখ্যা কৰিব নোৱাৰি ইয়াৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি চৰকাৰখনে পদত্যাগ কৰে। প্ৰধানমন্ত্ৰী হাছান ডাবেই সোমবাৰে চৰকাৰ ভংগ কৰাৰ ঘোষণাৰ কথা সদৰী কৰে।
এইখিনিতে উল্লেখ কৰিব লাগিব যে বিস্ফোৰণৰ ঘটনাৰ পিছত চৰকাৰৰ বিফলতাৰ অভিযোগ তুলি দেশখনৰ নাগৰিকে লেবাননত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদকাৰীৰে নিৰাপত্তাৰক্ষীৰ সংঘাতো সৃষ্টি হৈছিল।
প্ৰতিবাদকাৰী জনতাই আনকি চৰকাৰৰ পদত্যাগৰো দাবী তোলে। ইয়াৰ পৰিপ্ৰেক্ষিততে কেবিনেট বৈঠকৰ আহ্বান জনোৱা হয়। বৈঠকত অধিকাংশ মন্ত্ৰীয়েই বিস্ফোৰণৰ ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগৰ বাবে আগ্ৰহ প্ৰকাশ কৰাত চৰকাৰখনৰ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত।










