![]()
নিউজ ডেস্ক:
প্রাক্তন ৰাষ্ট্রপতি প্রণব মুখার্জীৰ শাৰীৰিক অৱস্থাক লৈ দিল্লীৰ আর্মি হস্পিটেলে জনায় যে, তেওঁৰ অৱস্থা এতিয়াও সঙ্কটজনক। হস্পিটেলৰ এক বিবৃত্তিত প্ৰকাশ, ‘ভাৰতৰ প্রাক্তন ৰাষ্ট্রপতি প্রণব মুখার্জীক অসুস্থ অৱস্থাত ১০ আগস্টত সেনা হস্পিটেলত ভর্তি কৰোৱা হয়।
হস্পিটেলত পৰীক্ষাৰ সময়ত তেওঁৰ মস্তিস্কত ৰক্ত ক্ষৰণৰ ঘটনা পোহৰলৈ আহে। ইয়াৰ পিছত তেওঁৰ ছার্জাৰী কৰা হয়। ছার্জাৰীৰ পিছত তেওঁক ভেন্টিলেটৰ ছাপোর্টত ৰখা হৈছে। তেওঁৰ শাৰীৰিক অৱস্থা এতিয়াও সঙ্কটজনক, আৰু তেওঁ কৰোনাতো আক্রান্ত হৈছে।”
উল্লেখযোগ্য যে ৮৪ বছৰ বয়সীয়া কংগ্রেছৰ জ্যেষ্ঠ নেতা প্রণব মুখার্জী ২০১২ৰ পৰা ২০১৭ পর্যন্ত ৰাষ্ট্রপতি আছিল। দেশৰ বর্তমানৰ ৰাষ্ট্রপতি ৰামনাথ কোবিন্দ প্রণব মুখার্জীৰ দ্রুত সুস্থতা কামনা কৰিছে।
তেওঁ প্রণব মুখার্জীৰ কন্যা শর্মিষ্ঠা মুখার্জীৰ সৈতে কথা পাতি প্রণব মুখাৰ্জীৰ স্বাস্থ্যৰ খবৰ লয়। ৰাষ্ট্রপতি ভৱনৰ পৰা ট্যুইট কৰি জনায়, ‘ৰাষ্ট্রপতিয়ে প্রণব কন্যা শর্মিষ্ঠাৰ সৈতে কথা পাতি তেওঁৰ স্বাস্থ্যৰ বর্তমান অৱস্থা সম্পৰ্কে অৱগত হয় আৰু তেওঁৰ দ্রুত আৰোগ্য কামনা কৰে।”










