![]()
নিউজ ডেস্ক:
বলিউডৰ অভিনেতা সঞ্জয় দত্তৰ হাওঁফাওঁৰ কেন্সাৰ ধৰা পৰিছে। জানিব পৰা মতে, বৰ্তমান কেন্সাৰ তৃতীয় পর্যায় বা থার্ড স্টেজ পাইছে। চিকিৎসাৰ বাবে শীঘ্রই তেওঁক আমেৰিকালৈ নিয়াৰ সিদ্ধান্ত লোৱা হৈছে।
উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে গুৰুতৰভাৱে অসুস্থ অৱস্থাত মুম্বাইৰ লীলাবতী হস্পিটেলত ভর্তি কৰোৱা হয় ৬১ বছৰীয়া এই অভিনেতাগৰাকীক। প্রথমে ভবা হৈছিল ক’ৰোনাৰ কাৰণে তেওঁৰ শ্বাসকষ্ট হৈছিল। কিন্তু টেস্ট নেগেটিভ আহে। তাৰ পিছতেই কালি নিশা কেন্সাৰৰ কথা প্রকাশ্যে আহে।










