![]()
নিউজ ডেস্ক:
ফেচবুকত দিয়া এটি পোষ্টক কেন্দ্র কৰি ৰণক্ষেত্রত পৰিণত হ’ল বাঙ্গালুৰুৰ কাভাল বীৰসান্দ্রা এলেকা। এৰি এৰি হোৱা সংঘর্ষত আৰক্ষীৰ গুলীত মৃত্যু হৈছে তিনজনৰ। সংঘর্ষত আহত হৈছে ৬০জন পুলিচকর্মী। এই ঘটনাত এই পর্যন্ত ১১০ জনক প্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ঘটনাৰ সূত্রপাত ঘটে মঙ্গলবাৰে নিশা। কংগ্রেছ বিধায়ক শ্রীনিবাস মূর্তিৰ ভতিজা নবীনে ফেচবুকত এটি পোষ্ট কৰিছিল। অভিযোগ, সেই পোষ্টটি আপত্তিকৰ। পোষ্টটি বিয়পি পৰাৰ লগে লগে প্ৰায় হাজাৰ লোকে বিধায়কজনৰ ঘৰৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি থাকে।
অভিযোগ মতে, ইয়াৰ পিছতেই বিক্ষোভকাৰীসকলে বিধায়কজনৰ ঘৰক লক্ষ্য কৰি ইটা-শিল দলিয়াবলৈ আৰম্ভ কৰে। ঘৰৰ সন্মুখত ৰাখি থোৱা বহু কেইখন গাড়ী ভঙাৰ লগতে জুই লগাই দিয়ে। বিধায়কজনৰ গৃহৰক্ষীকো বেয়াকৈ মাৰধৰ কৰা বুলি অভিযোগ।
ঘটনাৰ সময়ত বিধায়কজন ঘৰত নাছিল। খবৰ পাই ঘটনাস্থলীত আহি উপস্থিত হয় ডিজে হাল্লি আৰু কেজি হাল্লি থানাৰ আৰক্ষী। অভিযোগ, আৰক্ষীক দেখা মাত্রই বিক্ষোভকাৰীসকলে খেদি যায়। আৰক্ষীক লক্ষ্য কৰি ইটা-শিল দলিয়াই থাকে বিক্ষোভকাৰী সকলে। থানাত গৈও আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছে।
ইয়াৰ পিছতে বিশাল আৰক্ষী বাহিনী তাত উপস্থিত হয়। এৰি এৰি আৰক্ষীৰ সৈতে বিক্ষোভকাৰীসকলৰ সৈতে সংঘর্ষ হয়। পৰিস্থিতি নিয়ন্ত্রণলৈ নহাত গুলী চলায় আৰক্ষীয়ে। তাতেই মৃত্যু হয় তিনিজন। আহত হয় ৬০জন আৰক্ষীও।
বেঙ্গালুৰু আৰক্ষী আয়ুক্তই জনোৱা মতে, পৰিস্থিতি বৰ্তমান নিয়ন্ত্রণত। এলেকাটোত ১৪৪ ধাৰা জাৰি কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, বিধায়কজনৰ ভতিজাকক গ্ৰেপ্তাৰ কৰা হৈছে।
মুখ্যমন্ত্রী বি এছ য়েদুৰাপ্পাই বিষয়টোক লৈ ৰাজ্যৰ গৃহমন্ত্রীৰ সৈতে আলোচনা কৰে। গৃহমন্ত্ৰীয়ে কয়, “যিয়েই নহওক কিয়, আইন কোনেও নিজৰ হাতত তুলি ল’ব নোৱাৰে। দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব।”










