নিউজ ডেস্ক : এই বছৰটোত বেয়া খবৰৰ লগে আহিছে আনন্দৰ খবৰো। এফালে দুখে ভৰিলে আনফালে ভৰিছে আনন্দ। এই আনন্দৰ খবৰেই আনিলে পাটৌডি পৰিয়ালে। পুনৰ মা হ’বলৈ আগবাঢ়িছে কৰিনা কাপুৰ খান। কৰিনা আৰু ছইফ আলি খানে এই আনন্দৰ খবৰটো ঘোষণা কৰিলে ছ’চিয়েল মিডিয়াত। নেট দুনিয়াত ‘লিটল ছেনছেচন’ টাইমুৰ আলি খানে এতিয়া চলাব লগা হৈছে জ্যেষ্ঠ ভাতৃ হোৱাৰ প্রস্তুতি।
কৰিনা বৰ্তমান প্রেগনেন্সিৰ প্রথম পৰ্যায়ত। যাৰ কাৰণে অনুগামীৰ দৃষ্টি আকর্ষণ কৰিব পৰা নাই। কৰিনাৰ ঘনিষ্ঠ মহলে এই বিষয়ত পূৰ্বতেই জানিছিল। কৰণ জোহৰ, মালাইকা আৰোৰা খান, অর্জুন কাপুৰ, আলিয়া ভটসহ কাপুৰ পৰিয়ালেও কৰিনাৰ দ্বিতীয়বাৰ অন্তঃসত্ত্বা হোৱাৰ আনন্দত চামিল আছিল।