![]()
নিউজ ডেস্কঃ
বিনোদন জগতৰ বাবে আন এক দুখৰ খবৰ৷ ভাৰতীয় ধ্রুপদী সঙ্গীত জগতৰ নক্ষত্র, মহীৰূহ, শিল্পী পণ্ডিত যশৰাজৰ আজি পৰলোকপ্ৰাপ্তি ঘটে৷
সোমবাৰে মার্কিন যুক্তৰাষ্ট্রত শেষ নিশ্বাস ত্যাগ কৰে কিংবদন্তি সংগীত শিল্পীজনে৷ প্ৰাপ্ত খবৰ অনুযায়ী, প্রায় ৮ বছৰ ধৰি হাওঁফাওঁৰ কেন্সাৰত ভুগি আছিল তেওঁ৷ ৯০ বছৰ বয়সত তেওঁ ইহ সংসাৰ ত্যাগ কৰে৷











