
আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে গণহত্যাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি পোৱা বাংলাদেশৰ ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী (Bangladesh’s ousted Prime Minister) শ্বেখ হাছিনা (Sheikh Hasina)ৰ ভাৰ্চুৱেল বক্তৃতাক (Virtual speech) ভাৰত চৰকাৰে সমৰ্থন কৰে নেকি সেই কথা জানিবলৈ বিচাৰিছে ঢাকাই। বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান চৰকাৰৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্বামা ওবেইদ ইছলামে সোমবাৰে কয়, “আমি এই বিষয়ত ভাৰত চৰকাৰৰ স্থিতি জানিব বিচাৰোঁ।”
২০২৪ চনৰ জুলাই মাহত বাংলাদেশত আৰম্ভ হোৱা ‘বৈষম্যবিৰোধী ছাত্ৰ আন্দোলন’ অৱশেষত গণ বিদ্ৰোহলৈ পৰিণত হয়। ফলত সেই বছৰৰ ৫ আগষ্টত হাছিনা নেতৃত্বাধীন আৱামী লীগ চৰকাৰৰ পতন ঘটে। অহা বুধবাৰে ক্ষমতা পৰিৱৰ্তনৰ দ্বিতীয় বৰ্ষপূৰ্তি। সেইদিনা ‘ফৰেইন কৰেচপনডেন্স ক্লাব অব ছাউথ এছিয়া’ৰ উদ্যোগত দিল্লীত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তাত হাছিনাই ভাৰ্চুৱেল ভাষণ দিয়াৰ কথা। ঢাকাই তাৰ ওপৰতে আপত্তি দৰ্শাইছে।

মহম্মদ ইউনুছৰ নেতৃত্বত থকা অন্তৱৰ্তীকালীন চৰকাৰৰ দিনত হাছিনাৰ দল আৱামী লীগৰ কাৰ্যকলাপ নিষিদ্ধ কৰা হৈছিল। তাৰিকৰ কাৰ্যকালতো ই বলৱৎ হৈ আছে।
এই পৰিস্থিতিত তাৰিক চৰকাৰে হাছিনাৰ ভাৰ্চুৱেল ভাষণত আপত্তি কৰিব নেকি বুলি সোধাত ছামাই সোমবাৰে কয়, “আমি কাৰ বাবে আপত্তি কৰিব লাগে? এগৰাকী নিষিদ্ধ সংগঠনৰ মুৰব্বীক বহু অপৰাধৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। তেওঁ কি কৈছে আৰু কি কৰিছে, কেতিয়া আৰু ক’ত কৰিছে তাৰ উত্তৰ দিবলৈ বাংলাদেশ চৰকাৰৰ সময় নাই। আমি যিটো অনুসৰণ কৰি আছোঁ সেয়া হৈছে ভাৰত চৰকাৰে শেহতীয়াকৈ এটা বিবৃতি জাৰি কৰিছে। তাত তেওঁলোকে কৈছিল যে তেওঁলোকে কোনো পলাতক, এজন ৰাজনৈতিক বন্দীয়ে বক্তৃতা দিব বুলি আশা নকৰে। ভাৰত চৰকাৰে সেইটো সমৰ্থন নকৰে। ভাৰত চৰকাৰে তেওঁৰ (হাছিনা) অনলাইন অংশগ্ৰহণক সমৰ্থন কৰে নে নকৰে সেয়া তেওঁলোকেই ভালদৰে ক’ব পাৰিব।”












