ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফু চহৰক উত্তৰ-পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ মুভিং/শ্ৰেষ্ঠ পাবলিক ফিডবেক চহৰৰ পুৰস্কাৰ প্ৰদান

News Desk by News Desk
August 20, 2020
Reading Time: 1 min read
A A
0

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

ডিফুৰ পৰা ছাইদুল ইছলাম

আজি ভাৰত চৰকাৰৰ হাউছিং আৰু নগৰ বিষয়ক মন্ত্রণালয়ে পঞ্চাশ হাজাৰৰ পৰা এক লাখ জনসংখ্যাৰ বিভাগত উত্তৰ-পূর্বাঞ্চলৰ ডিফু পৌৰ নিগমক শ্ৰেষ্ঠ মুভিং/শ্ৰেষ্ঠ পাবলিক ফিডব্যেক এৱার্ড প্রদান কৰিছে । এই ঈপ্সিত পুৰস্কাৰ সকলো কৃতিত্ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঙহাঙক দিছে ডিফু পৌৰ নিগমৰ অধ্যক্ষ ৰাহ ক্ৰই ৷ উল্লেখযোগ্য যে, তিনিবাৰকৈ একেলেঠাৰিয়ে চিইএমৰ আসন অলংকৃত কৰা তুলিৰাম ৰংহাঙে ৰাস্তা-ঘাট, পেভাৰ্টব্লক ৰাস্তা, একুৱেছেন্ট্রিক পার্ক, আৰব’ৰেটাম কাম ক্রাফট চেন্টাৰ, স্মৃতিসৌধ মূর্তি আৰু কাঠামো, আপগ্রেড আৰু কাৰ্বি পিপলছ হলৰ উন্নয়নত এক বিশাল অনুপ্ৰেৰণা যোগাইছে ৷
ডিফুত বিশ্বমানৰ কাছা ষ্টেডিয়াম, বজাৰ কমপ্লেক্সৰ আপগ্রেচন, ডিফু নদীৰ সৌন্দর্য্যবৰ্দ্ধন ইত্যাদি। এইলৈ অধ্যক্ষগৰাকীয়ে তুলিৰাম ৰংহাঙক ভূয়সী আখ্যা দিয়ে ৷

ইয়াৰোপৰি অধ্যক্ষগৰাকীয়ে ডিএমবিৰসকলো ছেনিটেশন ষ্টাফ, ওৱার্ড কমিছনাৰ, কাৰিকৰী আৰু অ-প্রযুক্তিগত কর্মী আৰু শেষলৈ ডিফু চহৰৰ নাগৰিকসকলৰ আন্তৰিক সহযোগিতাৰ বাবে কৃতজ্ঞ্তা প্ৰকাশ কৰে ৷ পূৰ্বৰ তুলনাত ডিফু চহৰৰ মূল্যায়ণ কৰিবলৈ হ’লে প্ৰথম দৃষ্টিতেই আকাশ-পাতাল পৰিৱৰ্তন পাৰ্থক্য প্ৰতিফলন হয় ৷

সেউজীয়া পাহাৰে দলিচা পাৰি দিয়া নান্দনিক বিতোপন পৰিবেশৰ গৌৰৱ বহন কৰি আহিছে পাৰ্বত্য জিলা কাৰ্বি আংলঙে ৷ এই ক্ষেত্ৰত অকণো পিছ পৰি ৰোৱা নাই জিলাখনৰ মুখ্য সদৰ ডিফু ৷ ভাৰত চৰকাৰৰ পৰা ইতিমধ্যে চহৰখনে লাভ কৰি থৈছে স্বচ্ছ চহৰৰ চাৰ্টিফিকেট৷ এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই ৷ আজি চহৰখনে লাভ কৰিছে আন এক ঈৰ্শনীয় গৌৰৱ ৷ ভাৰত চৰকাৰৰ হাউছিং আৰু নগৰ বিষয়ক মন্ত্রণালয়ে পঞ্চাশ হাজাৰৰ পৰা এক লাখ জনসংখ্যাৰ বিভাগত উত্তৰ-পূর্বাঞ্চলৰ ডিফু পৌৰ নিগমক শ্ৰেষ্ঠ মুভিং/শ্ৰেষ্ঠ পাবলিক ফিডব্যেক এৱার্ড প্রদান কৰিছে ।

মাটিকালিৰ ভিতৰত সৰ্ব বৃহৎ অসমৰ তিনি পাৰ্বত্য জিলাৰ অন্যতম কাৰ্বি আংলঙ জিলাৰ সদৰ চহৰ ডিফু হ’ল জিলাখনৰ ব্যৱসায়, বাণিজ্য আৰু স্বাস্থ্যখণ্ডৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ৷ চহৰখনৰ চাফ-চিকুণতাৰ লগতে পৰিচালনাৰ দায়িত্ব লৈ আহিছিল ডিফু নগৰ সমতিয়ে ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত নগৰ সমিতিসমূহৰ হৈ যোৱা নিৰ্বাচনত ৰাহ ক্ৰ’ৰ নেতৃত্বত বিজেপি দল জয়ী হৈ নতুন অধিসূচনাৰে পূৰ্বৰ তিনিবছৰ কাৰ্যকালৰ পৰিৱৰ্তে ৫ বছৰীয়া কাৰ্যকাল বৃদ্ধি কৰি ডিফু নগৰ সমিতিৰ নাম সলনি কৰি “ডিফু পৌৰ নিগম’ নামেৰে নামাকৰণ কৰে ৷

ইয়াৰোপৰি কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বলিষ্ঠ নেতৃত্বত চহৰখনৰ বাট পথৰ নিৰ্মাণ আৰু মেৰামতি কাৰ্যৰ পৰা আৰম্ভ কৰি ডিফু চহৰৰ মাজেৰে বৈ যোৱা ডিফু নদীৰ সৌন্দৰ্য বৰ্ধন, মেডিকেল কলেজৰ স্থাপন, অত্যাধুনিক ৰূপত ডিফু কাছা ষ্টেডিয়াম, ডিফু চহৰৰ নিচেই কাষত আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰ নিৰ্মান পৰা আৰম্ভ কৰি জিলাখনৰ উত্থানত আদিৰে পৰা সৰ্বস্ব ত্যাগ কৰা লগতে কাৰ্বি জাতিৰ ধ্বজা বহনকাৰী পূৰ্ব পুৰুষ আৰু জননায়কসকলৰ প্ৰতিমূৰ্তি চহৰখনৰ প্ৰতিটো পইণ্টত স্থাপন কৰি চহৰখনক এক স্বৰ্গপুৰীলৈ ৰূপান্তৰ কৰাৰ অহৰহ চেষ্টা অব্যাহত ৰাখিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু ডিফু পৌৰ নিগমে ৷ পাৰ্বত্য জিলাখনৰ কৰদৈসিৰীয়া সৰু-বৰ পাহাৰৰ ভাঁজে ভাঁজে বৈ গৈছে অমৃত সদৃশ নিজৰা ৷ এই নিজৰাসমূহে যুগে যুগে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে ৷ ১৯৬১ চনতে স্থাপিত হোৱা ডিফু (নগৰ সমিতি) পৌৰ সভাই ডিফু পৌৰ নিগম নামলৈ এই অনন্য গৌৰৱ ৷

২০১৯ চনত প্ৰথম বাৰৰ বাবে অনুস্থিত কৰা এই প্ৰতিযোগিতাত ৫০০০০-১০০০০০ জনসংখ্যা থকা উত্তৰ-পূৱৰ নগৰসমূহৰ ভিতৰত ডিফু নগৰে প্ৰথম স্থান লাভ কৰি দিল্লীৰ বিজ্ঞান ভৱনত পুৰষ্কৃত হৈছিল৷ ডিফু চহৰলৈ অহা এই গৌৰৱত উৎফুল্লিত হৈ পৰিছে ডিফুবাসী ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
ADVERTISEMENT
Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

July 29, 2026
50
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

July 28, 2026
50
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন
DIPHU

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
50
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন
DIPHU

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam CM Hails Tiger Conservation Success on International Tiger Day

Assam CM Hails Tiger Conservation Success on International Tiger Day

July 29, 2026
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

July 28, 2026
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx