
ডিফু : বিগত সময়ছোৱাত বকলীয়াঘাট নগৰ এলেকাত থকা ব্যৱসায় প্ৰতিষ্ঠানসমূহত চোৰে তাণ্ডৱ চলাই অহাৰ সময়তে আজি পুৱা বকলীয়াঘাট আৰক্ষীয়ে অভিযান চলাই এটা চোৰক হাতে-লুটে আটক কৰিবলৈ সক্ষম হয় । আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি আজি নিচেই পুৱা প্ৰায় পাঁচ বজাত বকলীয়াঘাট বজাৰত থকা এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ দুৱাৰ ভাঙি চোৰৰ দলটো প্ৰৱেশ কৰাৰ সময়তে উক্ত স্থানত উপস্থিত হোৱা তহলদাৰী আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত এটা চোৰ আটক কৰিবলৈ সক্ষম হয়।
ধৃত চোৰটো বকলীয়াঘাট বাঁহনি আদৰ্শৰ গৌতম টকবি (২১) বুলি চিনাক্ত কৰা হৈছে। যোৱা নিশা চোৰৰ দলটোৱে বকলীয়াঘাট বজাৰৰ তিনিখন দোকানৰ দূৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি তাণ্ডৱ চলায়। আৰক্ষীৰ উপস্থিতিৰ উমান পাই আনকেইটা চোৰ পলাই সাৰিবলৈ সক্ষম হয়। বকলীয়াঘাট আৰক্ষীয়ে এই সন্দৰ্ভত ২৫/২০২০ নম্বৰত গোচৰ পঞ্জীয়ন কৰাৰ লগতে এলেকাটোৰ কেইবাটাজনো সন্দেহজনক যুৱকক আটক কৰি আনি সোধ পোছা অব্যাহত ৰাখিছে।













