![]()
লংকা : আজি গনেশ চতুৰ্থী। সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপন কৰা হৈছে পৱিত্ৰ গনেশ চতুৰ্থী। সমান্তৰালভাৱে লামডিঙতো পালন কৰা হয় গনেশ চতুৰ্থী ৷
লামডিঙৰ গান্ধী কলনীৰ নিবাসী দক্ষিন ভাৰতীয় সম্প্ৰদায় লোক সকলৰ লগতে অঞ্চলটোৰ বিভিন্ন সম্প্ৰদায় লোক সকলে পৰম্পৰাগত ভাৱে পাচঁ দিনীয়া কাৰ্যসূচীৰে এই পূজা অনুষ্ঠিত কৰে ৷
ক’ভিড ১৯ ৰ বাবে চৰকাৰে বান্ধি দিয়া নিয়ম অনুযায়ী এইবাৰ অনুষ্ঠিত হ’ল গণেশ চতুৰ্থী। যাৰ ফলত আনবাৰৰ দৰে গনেশ মন্দিৰ সমূহত দেখা পোৱা নগ’ল ভক্তৰ ভিৰ।
সেৰেঙা পৰিবেশত কিছু সংখ্যক ভক্তইহে ধূপ চাকিৰ লগতে আগবঢ়ালে নৈবদ্য ৷ ভক্ত সকলে নিজৰ লগতে দেশত সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোণা ভাইৰাছৰ সুমতি বিছাৰি তথা ৰাইজৰ মঙ্গল কামনাৰ্থে কৰিলে পূজা অৰ্ছনা ৷
আনফালে লামডিঙৰ বিগফিল্ড আৰু ক্ৰচিং গেট অঞ্চলটো দক্ষিন ভাৰতীয় লোক সকলে পৰম্পৰাগত ভাৱে গনেশ চতুৰ্থী পালন কৰে ৷













