![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : “ভাৰতবৰ্ষত নতুনকৈ প্ৰৱৰ্তন হোৱা ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ছাত্ৰ-ছাত্রীসকলৰ বহুমুখী প্রতিভা বিকাশৰ বিভিন্ন পথ উন্মোচন কৰিব। সেয়ে ছাত্ৰ-ছাত্রীসকলে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিব পাৰিব লাগিব ।
” নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত অনুষ্ঠিত “নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সহায়ত ২১ শতিকাৰ প্ৰত্যাহ্বানৰ মুখামুখি হব পৰাকৈ ছাত্ৰসকলৰ প্ৰস্তুতি” শীৰ্ষক ৰাষ্ট্ৰীয় ৱেবিনাৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ছুইজাৰলেণ্ডৰ ছুইছ ফেডাৰেল ইনষ্টিটিউট অৱ একুৱাটিক চায়েন্স এণ্ড টেকন’লজীৰ বিজ্ঞানী ড: বিশ্বনাথ বিশ্বকৰ্মাই ।
দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুশ গৰাকী শিক্ষিক – শিক্ষয়িত্রীয়ে অংশগ্ৰহণ কৰা ৱেবিনাৰখন উদ্বোধন কৰে আই আই টি গুৱাহাটীৰ উপসঞ্চালক অধ্যাপক শশীন্দ্ৰ কুমাৰ কাকতিয়ে । আলোচনা চক্রখন উদ্বোধন কৰি অধ্যাপক ড: কাকতিয়ে কয় যে ছাত্ৰ-ছাত্রীসকলে হীনমন্যতা পৰিহাৰ কৰি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মুকলি কৰি দিয়া ক্ষেত্রসমূহৰ সুবিধা লব লাগিব ।
গুগল মিট এপ্লিকেচনৰ সহায়ত অনুষ্ঠিত ৱেবিনাৰখনত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰে আদৰণি ভাষণ প্রদান কৰে। সমন্বয়ক হিৰণ্য শৰ্মাই আঁত ধৰা ৱেবিনাৰখনৰ কাৰিকৰী দিশত সহযোগ কৰে ক্ৰমে প্ৰত্যাশী ফুকন,সুনীতা লস্কৰ, উমানন্দ হাজৰিকা আৰু ছাইফুল ইছলামে। আনহাতে ৱেবিনাৰখনৰ অন্তত অংশগ্রহণকাৰীসকলক ই চাৰ্টিফিকেট প্ৰদান কৰা হয়।













